বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়াকৈ ছিংগাপুৰত সংঘটিত দুৰ্ঘটনাত দেহাৱসান ঘটাৰ পিছত সমগ্ৰ ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে। প্ৰিয় শিল্পীগৰাকীৰ এই দু:খবৰ পোৱাৰ পিছতে তেওঁৰ অগণন গুণমুগ্ধ শোকত ভাগি পৰিছে।
ইয়াৰ মাজতে আজি জালুকবাৰীৰ শৰাইঘাট দলঙত সংঘটিত হয় এক অঘটন। প্ৰিয় শিল্পীগৰাকীক দেহাৱসানৰ দুখ সহিব নোৱাৰি দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ দিয়ে এজন যুৱকে। যুৱকজনে ‘জয় জুবিন দা’ বুলি চিঞৰি নদীত জাঁপ দিয়ে। এই ঘটনা সংঘটিত হৈছে পুৰণি শৰাইঘাট দলঙত। যুৱকজনে এই অঘটন সংঘটিত কৰাৰ সময়ত ওচৰত কিছুসংখ্যক লোক উপস্থিত আছিল যদিও যুৱকজনক বচাবলৈ সক্ষম নহ’ল।
যুৱকজনক বিচাৰি এতিয়া নদী আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই যুৱকজনৰ।