নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ দখললৈ বিটিচি? বিজেপি-বিপিএফ-ইউপিপিএলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা

🔹 বিটিচি নিৰ্বাচন ফলাফল ২০২৫

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : আজি পুৱা ৮ বজাৰ পৰা বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিল (BTC)ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ভোটগণনাৰ আৰম্ভণিতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)-এ শাসকীয় দল ইউপিপিএল, বিজেপিতকৈ উল্লেখযোগ্য অগ্ৰগতি লোৱা দেখা গৈছে। ৪০ খন পৰিষদীয় সমষ্টিৰ বি টি চি নিৰ্বাচনৰ ভোটগণনা অনুসৰি দ্বিতীয় ৰাউণ্ডলৈকে হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলটো ১৭খন আসনত আগবাঢ়ি আছে। ইয়াৰ সমান্তৰালকৈ বিজেপি ১২খনত আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল ১১খনত আগবাঢ়ি আছে। বি পি এফ দলটো ১৭খন আসনত আগবাঢ়ি থাকিলেও বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োটা সমষ্টিতে পিছপৰি আছে।

আনহাতে, ইউপিপিএলৰ প্ৰমোদ বড়োৱেও দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেৱোঁ এটা সমষ্টিত পিছপৰি আছে। উল্লেখ্য যে বিটিচিৰ ডেপুটী চি এম গোবিন্দ বসুমতাৰী পিছপৰি আছে ভৈৰৱকুণ্ড সমষ্টিত। তদুপৰি হেভীৱেইট প্ৰাৰ্থীসকলৰ ভিতৰত খাম্ফা বৰগয়াৰী, চৰণ বড়ো, ৰিহণ দৈমাৰীয়ে অগ্ৰগতি লাভ কৰি আছে। লক্ষণীয়ভাৱে চন্দন ব্ৰহ্মৰ দৰে নেতা এই মহাৰণত পিছপৰি আছে।

ওদালগুৰি জিলাৰ ৩১নং খৈৰাবাৰী এছ টি সমষ্টিত চতুৰ্থ ৰাউণ্ডলৈকে বি পি এফৰ লৌমশ্ৰাও দৈমাৰী আগবাঢ়ি আছে। ভেৰগাওঁ এছ টি সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থী দাওবইছা বড়ো আগবাঢ়ি আছে। আনহাতে, ৩৯নং পাচনৈ চেৰফাং সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। বিটিচি ৪০খন আসনৰ এখন আসনত স্বতন্ত্ৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে।

You might also like