নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপ ক্রিকেটৰ ফাইনেলত ভাৰতৰ হাতত পাকিস্তান বধ

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : দীর্ঘদিনৰ অন্তত আইচিচিৰ কোনো প্রতিযোগিতাত মুখামুখি হৈছিল দুই চিৰবৈৰী ভাৰত আৰু পাকিস্তান৷ আশা কৰা মতেই এছিয়া কাপৰ চূড়ান্ত মেচখন ৰোমাঞ্চকৰ হৈ পৰিল৷

টছত জয়লাভ কৰি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে৷ মেচখনত পাকিস্তানে অপেনাৰ এছ ফাৰহান আৰু ফাৰুক জামানৰ জৰিয়তে সুন্দৰ আৰম্ভণি ঘটায় যদিও শেহতীয়া বেটাৰসকলৰ দুর্বলতাৰ বাবে নির্ধাৰিত অভাৰৰ পূর্বেই আটাইকেইটা উইকেট হেৰুৱাই ১৪৬ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ফাৰহানে ৩৮টা বলত ৫৭ ৰান কৰাৰ বিপৰীতে জামানে ৩৫টা বলত সংগ্রহ কৰে ৪৬ ৰান৷ দলটোৱে ১৯.১ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাবলগীয়া হয়৷

প্রত্যুত্তৰত ভাৰতৰ মিডল অর্ডাৰ বেটাৰ তিলক বার্মা, সঞ্জু চেমছন আৰু শিৱম ডুবেৰ দর্শনীয় বেটিঙৰ সহায়ত ভাৰতে ১৯.৪ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৫ উইকেটত বিজয় সাব্যস্ত কৰে৷ সুন্দৰ বেটিঙেৰে তিলকে ৫৩টা বলত ৬৯ ৰান কৰি ভাৰতক বিজয় তিলক পিন্ধায়৷ ডুবেৰ বেটৰ পৰা ৩৩ ৰান আৰু চেমছনৰ বেটৰ পৰা আহে ২৪ ৰান৷ অৱশ্যে আৰম্ভণিতে তিনিটা গুৰুত্বপূর্ণ উইকেট হেৰুৱাই ভাৰতীয় দলটো কিছু শ’লঠেকত পৰে৷ ইয়াৰ পাছতে তিলক বার্মা আৰু শিৱম ডুবেই সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰি ভাৰতক বিজয় লক্ষ্যত উপনীত কৰে৷

You might also like