নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী পৰ্যটকে আগবঢ়োৱা এক আকৰ্ষণীয় পূজা মণ্ডপ

🔹 জুবিন গাৰ্গৰ বাবে পূজা বাকৰিত জ্বলিছে অক্ষয় বন্তি

নিয়মীয়া বাৰ্তা, বৰমা, ২৯ ছেপ্টেম্বৰ : বিদেশী পৰ্যটকে আগবঢ়োৱা এক আকৰ্ষণীয় পূজা মণ্ডপ। বাক্সা জিলাৰ দ্বিতীয় বাৰ্ষিক বৰমা আঞ্চলিক দুৰ্গাপূজা মহোৎসৱৰ পূজা মণ্ডপ আগবঢ়াইছে মিছেছ হফচ্ নামৰ এগৰাকী ফিনিপাইনছৰ পৰ্যটকে।

কিছুদিন পূৰ্বে অসমলৈ অহা মিছেছ হফচে সান্নিধ্য পাইছিল বৰমাৰ, তেওঁ আহিছিল বাক্সাৰ সৰু চহৰ বৰমালৈ। তেতিয়াই তেওঁ মনৰ ইচ্ছানুসাৰে আগবঢ়াইছিল বৰমা আঞ্চলিক দুৰ্গাপূজা মহোৎসৱৰ পূজা মণ্ডপ। যিহেতু এইবাৰ অসমত নাই পূজাৰ পূৰ্বৰ আনন্দ-উল্লাস, সকলোফালে দেখিবলৈ পোৱা গৈছে কেৱল এক শূন্যতা। প্ৰিয় শিল্পী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ সকলো। জুবিন গাৰ্গক স্মৰণ কৰি বৰমা আঞ্চলিক দুৰ্গাপূজা বাকৰিত জ্বলিছে অক্ষয় বন্তি। এই বন্তি ১৯ ছেপ্টেম্বৰৰ পৰা জ্বলাই ৰাখিছে পূজা কমিটীয়ে। এইবাৰ অসমবাসীৰ বাবে শাৰদীয় উল্লাসৰ মাজত আছে এক গভীৰ বেদনা।

অসমজুৰি পূজা মণ্ডপবোৰত যদিও সাজ-সজ্জাৰ জাকজমক দেখা গৈছে, তথাপি শোকৰ আৱেশে আৱৰি ধৰিছে সকলোকে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে জনাইছে দাবী। বৰমাত আয়োজিত এই পূজাতো জুবিনৰ স্মৃতি প্ৰতিফলিত হৈছে। আয়োজকসকলে জনাইছে- এইবাৰ কোনোধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা নহয়। এইবাৰ পূজাৰ সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত আয়োজন কৰিছে নৃত্য প্ৰতিযোগিতা। মাংগলিক অনুষ্ঠানেৰে এইবাৰ অনুষ্ঠিত কৰা হৈছে বৰমা আঞ্চলিক দুৰ্গাপূজা মহোৎসৱ।

প্ৰেৰক পংকিল বৰ্মন
You might also like