নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দেহ হৈছে নেকিঃ ঘৰতেই কৰক ক’ভিড-১৯ৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ চীনৰ য়ুহান চহৰৰ পৰা বিশ্বৰ প্ৰায় ২০০ খন দেশলৈ বিয়পি পৰা মহামাৰী ক’ৰোনাত ত্ৰস্তমান এতিয়া সকলো লোক । ভাৰতবৰ্ষতো ক্ৰমাগত ভাৱে বৃদ্ধি পাই আহিছে ক’ৰোনাত আক্ৰান্তৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা । অৱশ্যে ইয়াৰ মাজতে কোনো কোনোৱে নিজকে ক’ৰোনাত আক্ৰান্ত হোৱা বুলি পৰীক্ষা কৰিবলৈ গৈছে । পৰীক্ষাৰ অন্তত ফলাফলো আহিছে নিগেটিভ । ফলত প্ৰতিখন হাস্পতালতেই ভিৰ বাঢ়িছে ৰোগীৰ ।

এনে এক সময়তে ইংলেণ্ডৰ ফৰ্থমেন কনচেপ্ট নামৰ এটা সংস্থাই সকলোৰে বাবে মুকলি কৰি দিছে এটা মোবাইল এপ । এই এপৰ জৰিয়তে আপুনি ঘৰত বহিয়েই জানিব পৰা ক’ৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিমান । ক’ভিড ১৯ ছেল্ফ টেষ্ট বা নিজৰ টেষ্ট আপুনি এই এপৰ সহায়ত নিজেই কৰিব পাৰিব । ছেল্ফ টেষ্ট কৰোৱাৰ পিচতো আপোনাৰ যদি মনত সন্দেহ থাকে তেতিয়াহ’লে আপুনি অচিৰেই নিকটৱৰ্তী হাস্পতাললৈ যাওক আৰু স্বাস্থ্য পৰীক্ষা কৰক ।

বিশেষ এপটোৰ লিংকhttps://t.co/xFzIqsGaeB

বিশেষকৈ এই ছেল্ফ টেষ্ট এপৰ জৰিয়তে আপোনাক সোধা হ’ব বহুকেইটা প্ৰশ্ন । আপোনাৰ কাঁহ অথবা শৰীৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ বেছি এইধৰণৰ বহু প্ৰশ্নৰ অৱতাৰণা কৰিব এই বিশেষ এপটোৱে । ইয়াৰ পাচতেই আপুনি জানিব পাৰিব আপোনাৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতিৰ সম্ভাৱনা কিমান ।

You might also like