নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত স্বামী বিবেকানন্দ-ৰ প্ৰতিমূৰ্তি উন্মোচন মন্ত্ৰী ৰঞ্জিত দাসৰ

আজি ধুবুৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনে নিৰ্মাণ কৰি উলিওৱা স্বামী বিবেকানন্দ এটি সম্পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

বক্তব্যত মন্ত্ৰী দাসে স্বামী বিবেকানন্দই ভাৰত দৰ্শনৰ ওপৰত যি মতামত আৰু চিন্তা ব্যক্ত কৰিছিল সেই চিন্তাৰে উদ্বুদ্ধ হৈ আমি প্ৰতিগৰাকী ভাৰতীয় আগুৱাব লাগিব, তেতিয়াহে আগন্তুক দিনত ভাৰতবৰ্ষই “বিশ্বগুৰু” ৰ স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে কাৰ্যসূচীত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় মন্ত্ৰীগৰাকীয়ে।

কাৰ্যসূচীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালন সমিতিৰ সভাপতি ড° দীপেন্দ্ৰ কুমাৰ অধিকাৰী, প্ৰাক্তন সভাপতি যোগেশ্বৰ শৰ্মা, নিকেতনৰ কোষাধ্যক্ষ মুকুট শৰ্মা, প্ৰধান আচাৰ্য দেৱেন্দ্ৰ নাথ ৰয়, বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত ৰয়ৰ উপৰি বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু পঢ়ুৱৈসকল উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৮ অক্টোবৰ

You might also like