নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰ’নাল্ডো বিশ্বৰ প্রথম বিলিয়নিয়াৰ ফুটবলাৰ

কেৱল ক্লাবৰ হৈ খেলি ৰ’নাল্ডোৱে ইমান ধন আয় কৰা নাই৷ এণ্ডর্ছমেণ্ট হৈছে পর্তুগীজ ছুপাৰষ্টাৰগৰাকীৰ আয়ৰ এক প্রধান উৎস৷ নাইকীৰ সৈতে তেওঁৰ দীর্ঘম্যাদী অংশীদাৰিত্ব আছে৷

বিশ্বৰ প্রথমগৰাকী বিলিয়নিয়াৰ ফুটবলাৰ হিচাপে নজিৰ গঢ়িলে পর্তুগালৰ তাৰকা ফুটবলৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ বিশ্বৰ অন্যতম শ্রেণ্ঠ ফুটবলাৰ ৰ’নাল্ডোৰ মুঠ সম্পত্তিৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰ৷ যিটো ভাৰতীয় মুদ্রাত ১২,৪২৮ কোটি টকাতকৈও অধিক৷

শেহতীয়া ব্লুমবার্গ বিলিয়নিয়াৰ সূচাংক অনুসৰি এই তথ্য সদৰী৷ কেৱল ক্লাবৰ হৈ খেলি ৰ’নাল্ডোৱে ইমান ধন আয় কৰা নাই৷ এণ্ডর্ছমেণ্ট হৈছে পর্তুগীজ ছুপাৰষ্টাৰগৰাকীৰ আয়ৰ এক প্রধান উৎস৷ নাইকীৰ সৈতে তেওঁৰ দীর্ঘম্যাদী অংশীদাৰিত্ব আছে৷

ইয়াৰ পৰা তেওঁৰ বার্ষিক আয় ১৮ মিলিয়ন ডলাৰ৷ ইয়াৰ উপৰিও তেওঁৰ আর্মানী, কেষ্ট্র’ল আৰু হার্বেল লাইফৰ পৰা ১৭৫ মিলিয়ন ডলাৰ উপার্জন কৰিছে৷ আনহাতে শেহতীয়াকৈ ছৌদি আৰবৰ আল নাছেৰৰ সৈতে ৪০ কোটি ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছে ৰ’নাল্ডোৱে৷

ফলত তেওঁ বিশ্বৰ আটাইতকৈ দামী ফুটবলাৰ হিচাপে পৰিগণিত হৈছে৷ ৰ’নাল্ডোৰ বার্ষিক দৰমহা ২৩৭.৫ মিলিয়ন ডলাৰ৷ লগতে বোনাছ আৰু ক্লাবৰ ১৫ শতাংশ শ্বেয়াৰ৷

নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ

You might also like