সুকন্যা : বিশিষ্ট অভিনেত্রী বিদ্যা ৰাওৰে সাক্ষাৎকাৰ
৭০ দশকৰ পৰা প্রায় ৪টা দশক সক্রিয় হৈ থকা বিদ্যা ৰাৱে বিজয় শংকৰ, নিপন গোস্বামী, বিজু ফুকন, তপন দাস আদিৰ দৰে বহু নবীন–প্রবীণ অভিনেতাৰ বিপৰীতে নায়িকাৰ চৰিত্রত অভিনয় কৰিছিল৷ ড০ ভূপেন হাজৰিকাৰ লগতে ব্রজেন বৰুৱা, শিৱপ্রসাদ ঠাকুৰ, সমৰেন্দ্র নাৰায়ণদেৱ, পুলক গগৈ আদিৰ দৰে প্রথিতযশা পৰিচালকৰ ছবিত অভিনয় কৰিছিল এইগৰাকী বিশিষ্ট অভিনেত্রীয়ে৷
সাক্ষাৎগ্ৰহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ড০ ভূপেন হাজৰিকা পৰিচালিত ‘শকুন্তলা’ ছবিৰ জৰিয়তে চলচ্চিত্র জগতত পদার্পণ কৰিছিল বিশিষ্ট অভিনেত্রী বিদ্যা ৰাৱে৷ পৰৱর্তী সময়ত মন মন্দিৰ, ঘৰ–সংসাৰ, লটিঘটি, প্রতিধ্বনি, মানৱ আৰু দানৱ, জীৱন সুৰভি, পূজা, হূদয়ৰ আঁৰে আঁৰে, অংগীকাৰ, সাৰথি আদিৰ দৰে ব্যৱসায়িকভাৱে সফল ছবিত সুন্দৰ অভিনয়েৰে অসমৰ দর্শকক মুগ্ধ কৰিছিল তেওঁ৷ ডিব্রুগড়ত জন্ম লাভ কৰিলেও কলকাতাত ডাঙৰ–দীঘল হোৱা এইগৰাকী মোহময়ী অভিনেত্রীয়ে ১২খনৰো অধিক বঙালী ছবিৰ উপৰি অসংখ্য অসমীয়া ছবিত অভিনয় কৰিছে৷ ৭০ দশকৰ পৰা প্রায় ৪টা দশক সক্রিয় হৈ থকা বিদ্যা ৰাৱে বিজয় শংকৰ, নিপন গোস্বামী, বিজু ফুকন, তপন দাস আদিৰ দৰে বহু নবীন–প্রবীণ অভিনেতাৰ বিপৰীতে নায়িকাৰ চৰিত্রত অভিনয় কৰিছিল৷ ড০ ভূপেন হাজৰিকাৰ লগতে ব্রজেন বৰুৱা, শিৱপ্রসাদ ঠাকুৰ, সমৰেন্দ্র নাৰায়ণদেৱ, পুলক গগৈ আদিৰ দৰে প্রথিতযশা পৰিচালকৰ ছবিত অভিনয় কৰিছিল এইগৰাকী বিশিষ্ট অভিনেত্রীয়ে৷ ছবি বিতাৰক এমপিএন নায়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেত্রীগৰাকীয়ে ভ্রাম্যমাণ থিয়েটাৰৰ উপৰি গুৱাহাটী দূৰদর্শন কেন্দ্রযোগে সম্প্রচাৰ হোৱা কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল৷ এইগৰাকী অভিনেত্রীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–
লগতে এইটো পঢ়ক– প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ডিব্রুগড় আপোনাৰ জন্মভূমি হ’লেও কলকাতাতে জীৱনৰ দীঘলীয়া সময় অতিবাহিত কৰিছিল৷ তাত থাকোঁতেই আপুনি কিদৰে অসমীয়া ছবিত অভিনয়ৰ সুযোগ পাইছিল?
মোৰ দেউতা আছিল মাৰাঠী লোক আৰু মা আছিল অসমীয়া৷ মাৰ ঘৰ আছিল যোৰহাটত৷ দেউতাই গাড়ীৰ ব্যৱসায় কৰিছিল৷ ব্যৱসায়িক সূত্রে দেউতা সঘনাই ডিব্রুগড়, যোৰহাটৰ লগতে অসমৰ বিভিন্ন চহৰলৈ আহি আছিল৷ তেতিয়াই তেওঁৰ মাৰ সৈতে চিনাকি হৈছিল আৰু পাছত বিবাহ হৈছিল৷ দেউতাহঁত ডিব্রুগড়ত আছিল আৰু মোৰ তাতেই জন্ম৷ অৱশ্যে মোৰ পাঁচ বছৰ বয়সতে আমি কলিকতাত স্থায়ীভাৱে থাকিবলৈ লৈছিলোঁ৷ ছবছৰমান বয়সতে মই ‘শকুন্তলা’ নামৰ ছবিখনত এটি শিশু চৰিত্রত অভিনয় কৰিছিলোঁ৷ ছবিখনৰ পৰিচালক আছিল ড০ ভূপেন হাজৰিকা৷ তেওঁৰ সৈতে মায়েও মাজে মাজে গান গাইছিল৷ সেইবাবে আমাৰ সৈতে তেওঁৰ সু–সম্পর্ক গঢ়ি উঠিছিল৷ বিশেষকৈ অসমীয়া ব্যঞ্জনৰ সোৱাদ ল’বলৈ ভূপেন মামা সময় পালে আমাৰ ঘৰলৈ আহিছিল৷ তেওঁ এদিন ‘শকুন্তলা’ ছবিখনত মোক এটি শিশু চৰিত্রত অভিনয় কৰাৰ বাবে মাহঁতক প্রস্তাৱ দিছিল৷ মই বিনাদ্বিধাই মাহঁতক দিয়া সেই প্রস্তাৱ গ্রহণ কৰিছিলোঁ৷ কিয়নো মই সৰুৰে পৰা নাচ–গান কৰি ভাল পাইছিলোঁ৷ অৱশ্যে সেই বয়সত এইবোৰৰ বিষয়ে একো বুজি পোৱা নাছিলোঁ৷ সেইবাবে নভবাকৈয়ে ‘শকুন্তলা’ ছবিৰ জৰিয়তে মই অভিনয় জগতত পদার্পণ কৰিছিলোঁ৷
মাত্র ১৪ বছৰ বয়সতে আপুনি ‘লটিঘটি’ ছবিত নায়িকাৰ চৰিত্রত অভিনয় কৰিছিল৷ এয়া কিদৰে সম্ভৱ হৈছিল?
লগতে এইটো পঢ়ক– ছাগলী ফাৰ্মেৰে স্বাৱলম্বী
মোৰ বয়স ১৪ বছৰ হওঁতে এখন অসমীয়া ছবিৰ নায়িকা হোৱাৰ সুযোগ পাইছিলোঁ৷ ১৯৬৬ চনত নির্মাণ কৰা ‘লটিঘটি’ নামৰ ছবিখনৰো পৰিচালক আছিল ড০ ভূপেন হাজৰিকা৷ ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত এই ছবিখনত অভিনয় কৰাৰ সময়ত মই স্কুলত পঢ়ি আছিলোঁ৷ ড০ ভূপেন হাজৰিকাই সেই বয়সতে মোক নায়িকা ৰূপে নির্বাচন কৰিছিল৷ মোৰ বিপৰীতে ছবিখনত অভিনয় কৰিছিল বিশিষ্ট অভিনেতা বিজয় শংকৰে৷ মই কলিকতাত থাকিয়েই অসমীয়া ছবিত অভিনয় কৰিছিলোঁ৷ কাৰণ ছবিসমূহৰ শ্বুটিং কলিকতাতে হৈছিল৷ এই ছবিখনৰো শ্বুটিং সম্পন্ন হৈছিল কলিকতাৰ ইন্দ্রপুৰী আৰু ৰাধা ষ্টুডি’ত৷ অৱশ্যে এইখন ছবিয়ে মুক্তিলাভ কৰাৰ পূর্বে মই অভিনয় কৰা ‘প্রতিধ্বনি’ নামৰ ছবিখনে মুক্তি লাভ কৰিছিল৷ এই ছবি দুখন দর্শকে আঁকোৱালি লোৱাৰ পিছত মই অসংখ্য ছবিত অভিনয়ৰ প্রস্তাৱ লাভ কৰিছিলোঁ আৰু সেই সময়ত বহু জনপ্রিয় ছবিত অভিনয় কৰি অসমৰ দর্শকসকলৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছিলোঁ৷ ইয়াৰ মাজতে মই ১২খনৰো অধিক বঙালী ছবিত নায়িকা ৰূপত অৱতীর্ণ হৈছিলোঁ৷
আপুনি অসমীয়া ছবিৰ সমান্তৰালভাৱে কেইবাখনো বঙালী ছবিত অভিনয় কৰা বুলি উল্লেখ কৰিছে৷ আপুনি বঙালী ছবিত কিদৰে অভিনয়ৰ প্রস্তাৱ লাভ কৰিছিল আৰু এই ভাষাটো কিদৰে আয়ত্ত কৰিছিল?
লগতে এইটো পঢ়ক– সুকন্যাত ৰেচিপি
মই প্রায় ১৫খনমান বঙালী ছবিত অভিনয় কৰিছোঁ৷ ইয়াৰ ভিতৰত পৰী, দোল, গোবিন্দেৰ কড়চা, তিন অধ্যায়, শেষ থেকে শুৰু, অগ্ণি ভ্রমৰ, বন পলাশীৰ পদাৱলী, নতুন দিনেৰ আলো আৰু চেনা অচেনা আদি অন্যতম৷ আচলতে ড০ ভূপেন হাজৰিকাৰ ছবিত অভিনয় কৰাৰ কথা জানিব পাৰি বহু বঙালী পৰিচালকে মোক তেওঁলোকৰ ছবিত অভিনয় কৰাৰ প্রস্তাৱ আগবঢ়াইছিল৷ কলিকতাত সৰুৰে পৰা থকাৰ বাবে মোৰ বঙালী ভাষাত দখল আছিল৷ তদুপৰি মই বঙালী ভাষাৰ মাধ্যমত পঢ়া–শুনা কৰিছিলোঁ৷ বঙালী ভাষাৰ লগতে মই হিন্দী ভাষাও ভালদৰে জানিছিলোঁ৷ ইপিনে আমি সৰুৰে পৰা অসমীয়া ভাষাটো ঘৰুৱাভাৱে ব্যৱহাৰ কৰিছিলোঁ৷ বঙালী ছবিত মই উত্তম কুমাৰ, সৌমিত্র চেটার্জী, অনুপ কুমাৰ সেন, সত্য বেনার্জী, অমিত কুমাৰ, ৰবি ঘোষৰ দৰে অভিনেতাৰ সৈতে অভিনয় কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ৷ মেট্রিক দিয়া সময়ৰ পৰা মই বঙালী ছবিত অভিনয় কৰিছিলোঁ৷
আপোনাৰ যিহেতু হিন্দী ভাষাটোত দখল আছিল, নিশ্চয় হিন্দী ছবিতো অভিনয় কৰিব পাৰিলেহেঁতেন৷ বলীউডৰ ছবিত অভিনয়ৰ প্রস্তাৱ আপোনালৈ আহিছিল নেকি?
মোৰ স্বামী এমপিএন নায়াৰ আছিল এগৰাকী চলচ্চিত্রৰ বিতৰক৷ এইটো পেছাত জড়িত থকাৰ বাবে তেওঁৰ বলীউডৰ বহু খ্যাতনামা প্রযোজক আৰু পৰিচালকৰ সৈতে ঘনিষ্ঠতা আছিল৷ সেই সূত্রে কিছুমান প্রযোজক, পৰিচালক আমাৰ ঘৰলৈ আহিছিল৷ বিশেষকৈ বি আৰ চোপ্রা, আত্মাৰাম আদিৰ দৰে প্রযোজকেও বিভিন্ন কামত আমাৰ ঘৰলৈ অহা দেখিছিলোঁ আৰু তেওঁলোকক ওচৰৰ পৰা পাইছিলোঁ৷ মই তেওঁলোকক ঘৰতে ৰান্ধি–বাঢ়ি খুৱাইছিলোঁ৷ তেওঁলোকৰ প্রায় প্রত্যেকেই মোক হিন্দী ছবিত অভিনয়ৰ প্রস্তাৱ দিছিল৷ কাৰণ ইতিমধ্যে মই যথেষ্টসংখ্যক অসমীয়া আৰু বঙালী ছবিত অভিনয় কৰিছিলোঁ৷ কিন্তু স্বামীৰ নায়াৰে মই বলীউডত অভিনয় কৰাটো বিচৰা নাছিল৷ ফলত তেওঁলোকৰ প্রস্তাৱ প্রত্যাখ্যান কৰিবলগীয়া হৈছিল৷ অৱশ্যে মোৰ হিন্দী ছবিত অভিনয় কৰাৰ আগ্রহ আছিল৷
আপোনাৰ বিবাহ হৈছিল এগৰাকী প্রযোজক আৰু চলচ্চিত্র বিতৰকৰ সৈতে৷ ছবিজগতত কেৰিয়াৰ ভালদৰে আৰম্ভ কৰাৰ পূর্বে আপুনি কিয় বিবাহপাশত আবদ্ধ হ’বলগীয়া হৈছিল?
আচলতে মোৰ বিবাহ আছিল একেবাৰে অপ্রত্যাশিত৷ গাড়ীৰ ব্যৱসায় কৰা এমপি নায়াৰৰ সৈতে আমাৰ পৰিয়ালৰ মধুৰ সম্পর্ক আছিল৷ তেওঁৰ বয়স মোতকৈ যথেষ্ট বেছি আছিল৷ তৎসত্ত্বেও মই কিবা এটা জেদত তেওঁৰ সৈতে বিবাহত বহিছিলোঁ৷ অৱশ্যে তেওঁ মোৰ প্রতি বৰ যত্নপৰ আছিল৷ সেইবাবেই মই বিবাহৰ পিছতহে ছবিত অভিনয়ৰ ক্ষেত্রত অধিক সফলতা অর্জন কৰিছিলোঁ৷ মোক অসমৰ দর্শকৰ মাজত পৰিচিত কৰি তোলা ‘অৰণ্য’ ছবিখনত বিয়াৰ পিছত অভিনয় কৰিছিলোঁ৷ ছবিখনে দর্শকৰ ব্যাপক সমাদৰ লাভ কৰিছিল৷ ‘অৰণ্য’ত মোৰ বিপৰীতে নায়কৰ চৰিত্র ৰূপায়ণ কৰিছিল বিজু ফুকনে৷ ‘অৰণ্য’ত অভিনয় কৰাৰ পিছত মোৰ কেৰিয়াৰ অধিক ত্বৰান্বিত হৈছিল৷ ইয়াৰ পিছত বহু ছবিত মই অভিনয় কৰিছোঁ৷ ছবিসমূহত অভিনয়ৰ ক্ষেত্রত স্বামী হিচাপে নায়াৰে মোক যথেষ্ট সহযোগিতা আগবঢ়াইছিল৷ তেওঁৰ সহযোগিতাৰ বাবে ইখনৰ পিছত সিখন সফল ছবি উপহাৰ দিবলৈ সক্ষম হৈছিলোঁ৷ তেওঁ নাথাকিলে হয়তো মই চলচ্চিত্র জগতত ইমানখিনি সফলতা অর্জন কৰিবলৈ সক্ষম নহ’লোঁহেঁতেন৷
চাৰিটা দশকৰো অধিক কাল অসমীয়া চলচ্চিত্র জগতৰ সোণালী দিনত আপুনি অভিনেত্রী হিচাপে বিশেষ সমাদৰ লাভ কৰিছে৷ এই দীর্ঘ পৰিক্রমা সম্পর্কে আপুনি জনাব নেকি?
লগতে এইটো পঢ়ক– মহিলাৰ ক্লান্তি
১৯৬১ চনতে মই ড০ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি ‘শকুন্তলা’ৰ এটি শিশু চৰিত্রত অভিনয় কৰিছিলোঁ৷ ১৯৬৫ চনত মই ‘প্রতিধ্বনি’ আৰু ১৯৬৬ চনত ‘লটিঘটি’ ছবিত অভিনয় কৰিছিলোঁ৷ এই দুখন ছবিৰো নির্মাতা আছিল ড০ ভূপেন হাজৰিকা৷ ‘লটিঘটি’ত মই প্রথমবাৰৰ বাবে নায়িকাৰ চৰিত্রত অভিনয় কৰিছিলোঁ৷ ১৯৭১ চনত সমৰেন্দ্র নাৰায়ণদেৱে নির্মাণ কৰা ‘অৰণ্য’ ছবিখনে মোক নায়িকা ৰূপে প্রতিষ্ঠিত কৰাইছিল৷ এই ছবিখনৰ ‘শিলে শিলে ঠেকা খালে’ শীর্ষক গীতটিয়ে বহুল জনপ্রিয়তা অর্জন কৰিছে৷ কলকাতাৰ পৰা অসমলৈ আহিহে মই সেই জনপ্রিয়তাৰ কথা জানিব পাৰিছিলোঁ৷ ইয়াৰ পিছতে শিৱপ্রসাদ ঠাকুৰে পৰিচালনা কৰা ‘ঘৰ–সংসাৰ’ আৰু ‘মন–মন্দিৰ’ ছবিখনত মই অভিনয় কৰিছিলোঁ আৰু দুয়োখন ছবিয়ে প্রচুৰ জনপ্রিয়তা অর্জন কৰিছিল৷ পুলক গগৈয়ে পৰিচালনা কৰা ‘সেন্দূৰ’ মোৰ অভিনয় জীৱনৰ অন্যতম সফল আৰু স্মৰণীয় ছবি৷ ছবিখনত মোৰ বিপৰীতে নায়কৰ চৰিত্রত অভিনয় কৰিছিল তপন দাসে৷ তেওঁ মোতকৈ যথেষ্ট সৰু আছিল বাবে ৰোমাণ্টিক দৃশ্যসমূহত অভিনয় কৰোঁতে কিছু ইতস্ততঃবোধ কৰিছিল৷ পৰৱর্তী সময়ত মই বহু ছবিত অভিনয় কৰিছিলোঁ যদিও কিছুমান ছবি আজিও স্মৃতিপটত উজলি আছে আৰু দর্শকৰ মাজত এতিয়াও সমাদৃত৷ বিশিষ্ট সাহিত্যিক, পৰিচালক ড০ ভবেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা ‘সাৰথি’ ছবিখনত মই এটি ব্যতিক্রমী চৰিত্রত অভিনয় কৰিছিলোঁ৷ ছবিখনে ৩৯সংখ্যক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ অসমীয়া ছবিৰ ৰজতকমল বঁটা লাভ কৰিছিল৷
আপুনি কেৰালাৰ এগৰাকী মালয়ালম ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ কেৰালাৰ এটি ৰক্ষণশীল পৰিয়ালৰ সন্তান আছিল তেওঁ৷ পৰিয়ালটোৱে আপোনাক বোৱাৰী হিচাপে কিদৰে গ্রহণ কৰিছিল?
মই প্রযোজক তথা ছবি বিতৰক নায়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা পূর্বে উল্লেখ কৰিছোঁ৷ তেওঁ আছিল এগৰাকী মালয়ালম লোক৷ তেওঁৰ পৰিয়ালে ছবিত অভিনয় কৰা অভিনেত্রীক অত্যন্ত বেয়া চকুৰে চাইছিল৷ আনকি ছবি উদ্যোগৰ সৈতে জড়িত হোৱা বাবে মোৰ স্বামীকো তেওঁলোকে বৰ ভাল পোৱা নাছিল৷ ঘৰলৈ গ’লে তেওঁ গা ধুইহে ভিতৰত প্রৱেশ কৰিব পাৰিছিল৷ মই পৰিয়ালটোৰ তেনে মানসিকতা ভাল পোৱা নাছিলোঁ৷ সেইবাবে বিয়াৰ পাছত মই কোনোদিনে তেওঁলোকৰ ঘৰত পদার্পণ নকৰিলোঁ৷ আনকি আমাৰ একমাত্র পুত্রকো তেওঁলোকৰ ঘৰলৈ নপঠিয়ালোঁ৷ তেওঁলোকেও নাতিয়েকক এবাৰ চাবলৈ বিশেষ আগ্রহ নেদেখুৱালে৷ মাজে–সময়ে এগৰাকী তেওঁৰ মোমায়েকে আমাৰ ঘৰলৈ আহি খা–খবৰ লৈছিল যদিও পিছৰফালে তেওঁ আহিবলৈ এৰি দিছিল৷ আনকি স্বামীৰ মৃত্যুৰ সময়তো তেওঁলোকৰ পৰিয়ালৰ কোনো মানুহ অহা নাছিল৷
আপুনি কলকাতাৰ দৰে সাংস্কৃতিক চহৰ এৰি কিয় অসমত স্থায়ীভাৱে বাস কৰাৰ সিদ্ধান্ত ল’লে? আপোনাৰ স্বামীয়ে অসমত থাকিব বিচাৰিছিলনে?
মই কলিকতাতে অভিনয় জীৱন আৰম্ভ কৰিছিলোঁ আৰু বহুকেইখন বঙালী ছবিত অভিনয় কৰি প্রশংসিত হৈছিলোঁ৷ কিন্তু অসমীয়া ছবিৰ জৰিয়তে মই যি পৰিচয় লাভ কৰিলোঁ সেয়া ভাষাৰে প্রকাশ কৰিব নোৱাৰি৷ অসমীয়া মানুহে দিয়া মৰম আৰু আশীর্বাদে মোক সদায় আপ্লুত কৰি আহিছে৷ অসমৰ প্রতি থকা ভাল পোৱা আৰু অসমবাসীৰ মৰমৰ বাবে আমি অসমত স্থায়ীভাৱে থকাৰ সিদ্ধান্ত লৈছিলোঁ৷ মোৰ স্বামীৰো অসমৰ সৈতে দীর্ঘদিনীয়া নিবিড় সম্পর্ক আছিল৷ কেৰালাৰ সৈতে অসমৰ প্রাকৃতিক সৌন্দর্যৰ যথেষ্ট সাদৃশ্য আছে৷ ইয়াৰ বাবে তেৱোঁ অসমত থাকিবলৈ আগ্রহী আছিল৷ ১৯৮০ চনৰ পৰা আমি অসমত স্থায়ীভাৱে থাকিবলৈ লৈছিলোঁ৷
আপোনাৰ জীৱনলৈ অহা প্রচণ্ড ধুমুহাই আপোনাক বহুদিনলৈ স্থবিৰ কৰি পেলাইছিল৷ আপুনি একপ্রকাৰ সামাজিক জীৱন পৰিত্যাগ কৰিছিল৷ এই বিষয়ে জনাব নেকি?
আমি গুৱাহাটীৰ ভাৰাঘৰত কটোৱাৰ পিছত ৰিহাবাৰীত ১৯৮৮ চনত নিজৰ ঘৰত প্রৱেশ কৰিছিলোঁ৷ আমাৰ বাবে সেয়া আছিল যথেষ্ট আনন্দৰ মুহূর্ত৷ কিন্তু নতুন ঘৰত প্রৱেশ কৰাৰ মাত্র ১২ দিনৰ পিছতে মোৰ স্বামীৰ মৃত্যু হৈছিল৷ একমাত্র পুত্রৰ সৈতে মই একপ্রকাৰ অসহায় হৈ পৰিছিলোঁ৷ ফলত মই বহু দিন অভিনয়ৰ পৰা আঁতৰি আছিলোঁ৷ কিন্তু জীৱন নির্বাহৰ বাবে কাম কৰা যিহেতু প্রয়োজন, সেইবাবেই মই পুনৰ অভিনয়ত নামি পৰিছিলোঁ৷ ২০১৬ চনত মোৰ একমাত্র পুত্রকো হেৰুৱাবলগীয়া হয়৷ এই আঘাত মোৰ বাবে আছিল অসহ্যকৰ৷ সেইবাবেই মই সামাজিক জীৱন প্রায় পৰিত্যাগ কৰিছিলোঁ৷ কাৰণ মোৰ আৰু হেৰুৱাবলগীয়া একো নাছিল৷ এতিয়া মই অসুস্থ আৰু ঘৰৰ ভিতৰত একপ্রকাৰ বন্দী হৈ আছোঁ৷ অৱশ্যে মোৰ লগত বোৱাৰী আৰু নাতি আছে৷ তেওঁলোকৰ লগতে জীৱন অতিবাহিত কৰিছোঁ৷
আপুনি বিগত দীর্ঘসময় দুর্ঘটনাত পতিত হৈ হুইল চেয়াৰত কটাবলগীয়া হৈছে৷ আর্থিকভাৱেও যথেষ্ট অনাটনৰ মাজত আছে৷ এইক্ষেত্রত আপোনাক চৰকাৰ অথবা কোনো ব্যক্তিয়ে সহায় কৰিছে নেকি?
মই ঘৰতে পিছলি পৰি বেয়াকৈ আঘাত পোৱাৰ পাছত অস্ত্রোপচাৰ সম্পন্ন কৰিবলগীয়া হৈছে৷ দীঘলীয়া সময় মই চিকিৎসালয়ত কটাইছোঁ আৰু এতিয়া কিছু সুস্থ হৈ উঠিছোঁ যদিও ভালদৰে খোজকাঢ়িব পৰা হোৱা নাই৷ মই এগৰাকী নার্ছ নিয়োগ কৰিবলগীয়া হৈছে৷ আৰু এতিয়া এগৰাকী ফিজি’থেৰাপিষ্টৰো প্রয়োজন৷ অৱশ্যে মোৰ বহু শুভাকাংক্ষীয়ে ব্যক্তিগতভাৱে আর্থিক সাহায্য আগবঢ়াইছে৷ চৰকাৰৰ তৰফৰ পৰাও মোক এককালীন সাহায্য আগবঢ়াইছে৷ মই ফিজি’থেৰাপিষ্টৰ বাবে মাহেকীয়া আর্থিক সাহায্য বিচাৰি চৰকাৰক আবেদন জনাইছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা সাহায্য আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে৷ সেয়া হ’লে ডাঙৰ উপকাৰ কৰা হ’ব বুলি মই ভাবোঁ৷
আপুনি এবছৰকাল ভ্রাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল৷ তদুপৰি ধাৰাবাহিকত অভিনয় কৰাৰ লগতে পৰিচালনা আৰু প্রযোজনাৰ সৈতেও জড়িত হৈ পৰিছিল৷ এই বিষয়ে ক’ব নেকি?
মই ১৯৮৪ চনত কহিনুৰ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিলোঁ৷ সেই নাট্যবর্ষত মই মহাভাৰত নাটকত দ্রৌপদীৰ চৰিত্রত অভিনয় কৰিছিলোঁ৷ পিছৰফালেও ভ্রাম্যমাণৰ পৰা আমন্ত্রণ পাইছিলোঁ যদিও অভিনয় কৰা নহ’ল৷ গুৱাহাটী দূৰদর্শন কেন্দ্রৰ দ্বাৰা সম্প্রচাৰণ হোৱা সন্ধ্যাতৰা, বিষবাষ্প, ১৪ আগষ্ট, আকাশীলতাৰ ৰং, সীমা আদিৰ ধাৰাবাহিকো প্রযোজনা কৰিছিলোঁ৷ অসমীয়া ছবি ‘মইনাজান’ মোৰ প্রযোজনাত নির্মাণ কৰা হৈছিল৷ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে বিগত সময়ত বহু কমিছন প্র’গ্রেমতো কাম কৰিছিলোঁ৷