নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা-পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ১০ অক্টোবৰ : গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ দুই দেহৰক্ষী। কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। উল্লেখ্য যে আজি চতুৰ্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত আৰম্ভ হোৱা চি আই ডিৰ তদন্তত দুয়োৰে একাউন্টত ১ কোটিৰো অধিক টকাৰ লেনদেন হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহে। এই বৃহৎ পৰিমাণৰ ধন লেনদেনৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দুয়োজনকে নিলম্বন কৰা হৈছিল। শেহতীয়াকৈ আজি দুই দেহৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে হাজিৰ কৰোৱা হ’ব আদালতত।

উল্লেখ্য যে জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ উৎস বিচাৰি বিশেষ তদন্তকাৰী গোটে তদন্ত অব্যাহত ৰখাৰ সময়তে শিল্পীগৰাকীৰে সম্পর্কিত আন কেইবাটাও অকথিত অধ্যায় পোহৰলৈ আহিছে৷ ছিংগাপুৰৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনটোৰ প্রতিটো কথা তন্ন তন্নকৈ জানিব বিচৰা এছআইটিয়ে বিগত সময়ছোৱাত শিল্পীগৰাকীৰ সৈতে সম্পর্ক থকা বিভিন্ন স্তৰৰ বহুকেইজন লোকক জেৰা চলাইছে৷ এই লোকসকলৰ ভিতৰত এছআইটিয়ে শিল্পীগৰাকীৰ দুই চৰকাৰী দেহৰক্ষী ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো জেৰা অব্যাহত ৰাখে ৷

প্রথম অৱস্থাত এই জেৰা স্বাভাৱিক বুলি ভবা হৈছিল যদিও জেৰাত ওলোৱা তথ্যই একপ্রকাৰ হতভম্ভ কৰি তুলিছে এছআইটি তদন্তকাৰী দলক৷ ধন–সম্পত্তিক কেতিয়াও বৰ বিশেষ গুৰুত্ব নিদিয়া শিল্পী জুবিন গার্গৰ দুই দেহৰক্ষীৰ একাউণ্টৰ জৰিয়তে বিগত ৫ বছৰত লেনদেন হৈছিল ১ কোটিৰো অধিক ধন৷ এই ধন ক’ৰ পৰা কিদৰে দেহৰক্ষীদ্বয়ৰ একাউণ্টলৈ আহিল এই তথ্য বিচৰাৰ সময়তে আন বহু আপত্তিজনক তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পিছতে আজি চতুৰ্থবাৰলৈ জেৰাৰ অন্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুই দেহৰক্ষীক গ্ৰেপ্তাৰ কৰা হয়।

You might also like