নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্কিন ৰাষ্ট্ৰপতিৰ আশাত চেঁচাপানী ! ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা মাৰিয়া কৰিনা মাছাডোলৈ

নিউজ ডেস্ক, ১০ অক্টোবৰ : মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আশাত পৰিল চেঁচাপানী। শেহতীয়াকৈ এক জল্পনা-কল্পনা চলিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই বছৰৰ শান্তিৰ ন’বেল বঁটা লাভ কৰিব নেকি! বিশেষকৈ বুধবাৰে হামাছ আৰু ইজৰাইলৰ মাজত প্ৰথম দফাৰ শান্তি চুক্তিৰ পিছতে সেই জল্পনা তুংগত উঠিছিল। তদুপৰি ট্ৰাম্পে বিভিন্ন দেশৰ মাজত চলা যুদ্ধ নিজৰ প্ৰচেষ্টাত অৱসান ঘটোৱাৰো দাবী কৰি আহিছিল। ট্ৰাম্পে নিজেও শান্তিৰ নোবেল বঁটা লাভ কৰাৰ আশা পোষণ কৰি আহিছিল। কিন্তু শেষত তেওঁৰ আশাত চেঁচাপানী ঢালি ন’বেল কৰ্তৃপক্ষই আজি ঘোষণা কৰা মতে এইবাৰৰ শান্তিৰ ন’বেল বঁটা লাভ কৰিলে ভেনিজুৱেলাৰ প্ৰধান বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাডোৱে।

উল্লেখ্য যে ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা দিয়া হৈছে শান্তিৰ বাবে জীৱন উছৰ্গা কৰা এগৰাকী সাহসী আৰু প্ৰতিশ্ৰুতিৱান মহিলাক— এগৰাকী নাৰী যিয়ে বাঢ়ি থকা অন্ধকাৰৰ মাজতো গণতন্ত্ৰৰ শিখা জ্বলাই ৰাখিছে। ন’বেল কমিটীয়ে ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ভেনিজুৱেলাৰ মানৱ অধিকাৰ কৰ্মী মাৰিয়া কৰিনা মাছাডোক প্ৰদান কৰে।

তেওঁক এই বঁটা প্ৰদান কৰা হৈছে ভেনিজুৱেলাৰ জনতাক গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সজাগ কৰাৰ বাবে তেওঁৰ অহৰহ প্রচেষ্টা আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰ প্ৰতিষ্ঠাৰ তেওঁৰ সংগ্ৰামৰ বাবে।

You might also like