ডিজিটেল ডেস্ক, ১১ অক্টোবৰ : দীৰ্ঘদিনে গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে অৰ্থসাহায্য। উল্লেখ্য যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ আছে। যকৃতজনিত ৰোগত বহুদিন ধৰি অসুস্থ হৈ থকা বাঁহীবাদকগৰাকী বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
চিকিৎসালয়ত ভৰ্তি হৈ থকা শিল্পীগৰাকীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে সহায় বিচাৰি আহ্বান জনাই আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিপদৰ সময়ত দীপক শৰ্মালৈ বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত।
শেহতীয়াকৈ ৯ অক্টোবৰত বিশিষ্ট বাঁহীবাদক শৰ্মাৰ উন্নত চিকিৎসাত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীয়েও আগবঢ়াইছে অৰ্থসাহায্য। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁক প্ৰদান কৰা হৈছে ৫ লাখ টকা। এই ধনৰাশি চেকযোগে প্ৰদান কৰিছে শিল্পীগৰাকীৰ পৰিয়ালক।
উল্লেখ্য যে দীপক শৰ্মাৰ শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। যাৰ বাবে তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।