নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : মডেল অভিনেত্রী অলংকৃতা বৰাৰে সাক্ষাৎকাৰ

ভাৰতীয় মহিলাই আজি বিশ্বক নেতৃত্ব দিছে

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪

শৈশৱ আৰু পিতৃ–মাতৃ সম্পর্কে জনাব নেকি?
মোৰ জন্ম শিৱসাগৰত৷ অভিযন্তা দেউতাৰ কর্মসূত্রে আমি যোৰহাট আৰু পিছত গুৱাহাটীলৈ স্থায়ীভাৱে স্থানান্তৰিত হৈছিলোঁ৷ শৈশৱৰ পৰাই যিকোনো কামত মই সক্রিয় আছিলোঁ৷ স্কুলত খেলা–ধূলা, বত্তৃণতা–তর্ক আৰু নৃত্য প্রতিযোগিতা সকলোতে অংশ লৈছিলোঁ৷ মই অতি নিপুণ নৃত্যশিল্পী বুলি দর্শকে কৈছিল৷ মঞ্চত মোৰ প্রথম নৃত্য প্রদর্শন হোৱাৰ সময়ত মোৰ বয়স আছিল মাত্র আঢ়ৈ বছৰ৷ মই অধ্যয়নশীল, কষ্টসহিষ্ণু আৰু উচ্চাকাংক্ষী মনৰ আছিলোঁ– যি কৰোঁ তাতেই প্রথম হোৱাৰ মানসিকতা সদায় আছিল৷ মোৰ পিতৃ–মাতৃ দুয়োজনৰ উৎসাহ আৰু প্রেৰণাই মোক ডাঙৰ ডাঙৰ সপোন দেখা, নতুন নতুন চিন্তা কৰা আৰু অভিনৱ কাম কৰাৰ বাবে উৎসাহ যোগাই আহিছে৷

আপোনাৰ শৈক্ষিক জীৱন ক’ত আৰম্ভ হৈছিল?
মই মোৰ শিক্ষা জীৱন শিৱসাগৰত আৰম্ভ কৰিছিলোঁ আৰু গুৱাহাটীৰDelhi Public Schoolত একাদশ শ্রেণীলৈকে পঢ়িছিলোঁ৷ তেনেতে প্রথমবাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলত নতুন প্রতিভাৰ সন্ধানতThe Times of Indiaৰ পৰাMiss Universe টীম এটা গুৱাহাটীলৈ আহিছিল৷ তেওঁলোকে মোক আকস্মিকভাৱে লগ পাইছিল আৰু পিছদিনাৰ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ কৈছিল৷ মই তেতিয়া মাত্র ১৭ বছৰীয়া আছিলোঁ৷ তথাপি নিজৰ ওপৰত থকা আত্মবিশ্বাসৰ বাবে মই অংশগ্রহণ কৰিবলৈ মন কৰিলোঁ৷ আৰু পৰৱর্তী দিনাই শুনিলোঁ যেNorth-Eastৰ পৰা মই অডিচনত প্রথম হৈছোঁ আৰু পিছৰ সপ্তাহতেই মুম্বাইলৈ যাব লাগিব৷ তাত ভাৰতৰ বিভিন্নZoneৰ পৰা প্রথম হৈ অহা সকলো প্রতিযোগীক মিছ ইউনিভার্ছ লাৰা দত্তই প্রশিক্ষণ দিব৷ হঠাৎ মোৰ জীৱনৰ গতিপথ একেবাৰে সলনি হৈ গ’ল৷ তাৰ পিছত মই অসম এৰি মুম্বাইলৈ গৈ কলেজীয়া শিক্ষাৰ লগতে অভিনয়ৰ পেছাদাৰী পাঠ্যক্রম আৰম্ভ কৰিলোঁ৷ সেই কম বয়সতে মুম্বাইলৈ গৈ পঢ়া–শুনাৰ লগতে অভিনয়ৰ উচ্চ শিক্ষা সামৰি চলাটো মুঠেই সহজ নাছিল, কিন্তু বোধহয় মোৰ দেউতাৰ পৰা অনুকৰণ কৰা শৃংখলাবদ্ধতা, সহনশীলতা আৰু সময় পৰিচালনাৰ পাঠে মোৰ বাবে সেয়া সম্ভৱ কৰি তুলিলে৷ মোৰ শিক্ষা জীৱনৰ প্রতিটো পদক্ষেপতে মই নিজকে এগৰাকী সুব্যক্তি আৰু সুনিপুণ শিল্পী হিচাপে গঢ়ি তুলিবলৈ আপ্রাণ চেষ্টা কৰি আহিছো৷

শৈশৱতে মডেলিং কৰা অথবা অভিনেত্রী হোৱাৰ সপোন দেখিছিল নেকি?
মই সদায় বৰ অধ্যয়নশীল আছিলোঁ আৰু শিক্ষাতেই মন দিছিলোঁ৷ দেউতাৰ যোগেদি মই অতি সৰুতেইRavi Kotta, IAS, LS Changsen IAS সকলক অতি ঘৰুৱাভাৱে লগ পাইছিলোঁ৷ তেওঁলোকৰ দৰেIAS officer হোৱাৰ নাইবাLondon Schools of Economics পঢ়াৰ মই সপোন দেখিছিলোঁ৷ কিন্তু জীৱনে মোক একেবাৰে অন্য এটা দিশলৈ লৈ গ’ল৷ যেতিয়া মিছ ইউনিভার্ছৰ সুযোগ আহিল, মোৰ পথ একেবাৰে সলনি হ’ল আৰু আচৰিতভাৱে মই সেয়া পছন্দ কৰিবলৈ ধৰিলোঁ৷ মই বুজিলোঁ যে জীৱনে যি পথ দেখুৱায়, তাতে সদায় নিজৰ শ্রেষ্ঠখিনি উজাৰি দিব লাগে৷ পঢ়া, অভিনয় বা আন যিকোনো ক্ষেত্রতে হওক, মই সদায় ১০% উৎসাহ, নিষ্ঠা আৰু শক্তি দিয়েই কাম কৰোঁ৷ মোৰ অনুভৱ হয়, মই ভাগ্যৰ প্রিয় সন্তান– জীৱনে য’লৈ লৈ গৈছে, তাৰ প্রতি মই সদায় গভীৰভাৱে সন্তুষ্ট আৰু কৃতজ্ঞ৷

কাৰ অনুপ্রেৰণাত আপুনি এটা নতুন দিশ নির্বাচিত কৰিলে?
মা–দেউতাৰ পিছতেই মোৰ আটাইতকৈ ডাঙৰ অনুপ্রেৰণা হৈছে মোৰ গুৰু আৰু পৰমহংস যোগানন্দৰ শিক্ষা৷ তেওঁৰ এষাৰ কথাই মোৰ জীৱন সম্পূর্ণভাৱে সলনি কৰি দিছে–‘You must not let your life run in the ordinary way, do something that nobody else has done, something that will dazzle the world, Show that God’s creative principle works in You.’ তেওঁৰ বাণীয়ে মোক শিকাইছে যে প্রকৃত কলাই মন আৰু আত্মা জাগ্রত কৰি তুলিব পাৰে৷ আধ্যাত্মিক আৰু শৈল্পিক দিশৰ পৰা, মই অনুভৱ কৰিছিলোঁ যে এই পথ মোৰ বাবে পূর্বনির্ধাৰিত৷ লগতে মোৰ দেউতাৰ বিশ্বাস যে মই ডাঙৰ পর্দাত উজলি উঠিম আৰু সেয়াও মোৰ বাবে এক বৃহৎ অনুপ্রেৰণা আছিল৷

অভিনয় অথবা মডেলিঙৰ প্রশিক্ষণ গ্রহণ কৰিছিল নেকি?
সৰুতে মই বিহু আৰু আধুনিক নৃত্য শিকিছিলোঁ৷ পিছলৈ কথক নৃত্যৰ উচ্চ শিক্ষা গ্রহণ কৰিছেছা৷ নৃত্য শিক্ষাই মুখৰ অভিব্যক্তি, শৰীৰৰ ভাষা আৰু মঞ্চত উপস্থিতি শক্তিশালী কৰাত সহায় কৰে৷ এনেদৰেই অভিনয়ৰ প্রাৰম্ভিক জ্ঞান আহৰণ কৰিছিলোঁ যদিও মুম্বাইলৈ অহাৰ পিছত অভিনয়ৰ দক্ষতা বঢ়াবলৈ মই কেইবাখনো প্রতিষ্ঠানৰ পৰা উচ্চ প্রশিক্ষণ গ্রহণ কৰিছোঁ৷ ইয়াৰ ভিতৰত–Adishakti (Pondicherry), ‘New York Film Academy,USA.’ Jeff Goldberg Studio, আৰুSaurav Sachdeva The Actor’s Truth উল্লেখযোগ্য৷ যিয়ে মোক পেছাদাৰী শিল্পী হিচাপে গঢ়ি তুলিছে৷ মডেলিং মোৰ বাবে প্রায় স্বাভাৱিক আছিল৷ অতি সৌভাগ্যৰ কথা যে মই প্রাক্তন মিছ ইউনিভার্ছ লাৰা দত্ত আৰু পেৰিছ, মিলান আদিৰ আন্তঃৰাষ্ট্রীয় প্রশিক্ষকৰ তত্ত্বাৱধানত মডেলিঙৰ প্রশিক্ষণ গ্রহণ কৰাৰ সুযোগ পাইছিলোঁ৷

অসমৰ নিচিনা ৰাজ্যৰ পৰা গৈ হিন্দী ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰাটো কঠিন বুলি ভাবেনে?
মই বিশ্বাস কৰোঁ যে প্রতিভা, আত্মবিশ্বাস আৰু অধ্যৱসায়ে সকলো বাধাৰ প্রাচীৰ ভাঙি দিয়ে৷ আমি সততে মনত ৰাখিব লাগিব যে আমি লুইতৰ পাৰৰ লাচিত–মূলাগাভৰুৰ বংশধৰ অসমীয়া৷The Times of India Times Talent হিচাপে বিবেচিত হৈ থকাৰ সময়তেই মই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বহুতো ব্রেণ্ডৰ হৈ কমার্চিয়েল বিজ্ঞাপনত অংশ লৈছিলোঁ আৰু কিছুমান শীর্ষস্থানীয় ব্রেণ্ডৰ বাবে ব্রেণ্ড এম্বেছাডৰ হিচাপে কাম কৰিছিলোঁ৷ মইUNICEFৰ বাবে এগৰাকী লীডিং পার্টনাৰ হিচাপে দুই বছৰৰ বাবে কাম কৰিছিলোঁ৷ মোকUKত প্রশিক্ষণ দিছিল আৰু বিশ্বৰ বহু ঠাইৰ লগতে আমাৰSiachen Base Camp, Kargil, কেদাৰনাথ আদি কিছুমান দুর্গম আৰু স্পর্শকাতৰ ঠাই ভ্রমণ কৰিছিলোঁ৷ সেই অভিজ্ঞতাবোৰ অতি দুর্লভ আছিল৷ ব্যক্তিগতভাৱে মই সদায় ইণ্ডাষ্ট্রীৰ বাণিজ্যিক দিশবোৰৰ প্রতি আগ্রহী৷ অভিনেত্রী হোৱাৰ লগতে কেমেৰাৰ পিছত কি ঘটে সেয়া শিকিবলৈও মই সিদ্ধান্ত লৈছিলোঁ৷ সেয়ে ২০২১ চনত মই মোৰ ফিল্ম প্রডাকচন হাউ Whispers From Eternity Films (WFE Films) স্থাপন কৰিলোঁ৷ আমি কেইখনমান চুটি ফিল্ম প্রডিউচ কৰিছিলোঁ৷ তাৰেThe Devine RomanceখনDisney+Hotstarত ৰিলিজ হৈছিল আৰু বাণিজ্যিকভাৱে অতি সফল হৈছিল৷ ইয়াৰ পিছতেই‘‘Tara & Akash – Love Beyond Realms’’ নামৰ আমাৰ প্রথম ফিচাৰ ফিল্মখনNFDC (Ministry of Information & Broadcasting, Government of India) আৰুSwitzerland Tourism (Switzerland Government)ৰ সহযোগত নির্মাণ কৰিলোঁ৷ এই প্রজেক্টটোৱে ভাৰত আৰু ছুইজাৰলেণ্ডৰ দুটা ডাঙৰ সংস্থাৰ সহযোগত, প্রডিউচাৰ হিচাপে মোৰ সপোনক বাস্তৱত ৰূপায়িত কৰিলে৷ কানাডাৰToronto International Film Festival ত World Premiere আৰু গোৱাৰInternational Film Festival of IndiaতAsian Premiere হোৱা আমাৰ চিনেমাখন ভাৰতৰ হৈ World Audio Visual Summitত প্রদর্শন হৈছিল৷ ফিল্মখনPVR INOXৰ দ্বাৰা সমগ্র ভাৰততে বিতৰণ হৈছে আৰুThe Times of India আমাৰ মিডিয়া আৰুPR পার্টনাৰ হিচাপে দায়িত্ব লৈছে আৰু সমগ্র ভাৰততে সফলভাৱে চলি আছে৷ অতি সোনকালে চিনেমাখনOTT প্লেটফর্মতো উপলব্ধ হ’ব৷ চিনেমাখনত মই মুখ্য চৰিত্রত অভিনয় কৰাৰ লগতেLegendary আৰ award-winning অভিনেতাAmol Palekar আৰুDeepti Navalক চিনেমাখনত দুটা উল্লেখনীয় চৰিত্রত অভিনয় কৰোৱাব পৰাটো মোৰ বাবে সঁচাকৈয়ে এক ডাঙৰ সপোন পূৰণ হোৱাৰ দৰে৷

আপুনি কেতিয়া ফেশ্বন প্রতিযোগিতাত অংশগ্রহণ কৰিছিল?
প্রথমতে মই স্কুলত হোৱা ফেশ্বন শ্ব’বোৰত অংশ লৈছিলোঁ, প্রফেছনেল হিচাপে নহয়৷ মোৰ প্রথম ৰীয়েল প্রতিযোগিতা আছিল গুৱাহাটীত হোৱা এটা ৰিজি’নেল ফেশ্বন ইভেণ্ট৷ প্রথমবাৰৰ বাবে ৰবীন্দ্র ভৱনৰ প্রফেছনেল ৰেম্পত উঠোঁতেই মোৰ এক ভাবিব নোৱাৰা অনুভৱ হৈছিল৷ সেই সময়ত মই ৭ম শ্রেণীত পঢ়ি আছিলোঁ আৰুSignature Awards Miss North East জিকিছিলোঁ৷ সেই অনুষ্ঠানতে শ্রদ্ধেয় বীৰুবালা ৰাভা মহোদয়া আৰুArmy pilot অভিনন্দনৰ চিকিৎসক মাতৃকoperation smileৰ বাবে সম্বর্ধনা জনাইছিল৷ সেইদিনাৰ অনুভৱে মোক আজিও শিহৰিত আৰু গর্বিত কৰে৷

ফেশ্বন আৰু মডেলিং প্রতিযোগিতাৰ বাবে নিজকে কিদৰে সাজু কৰিবলগীয়া হয়?
এনে প্রতিযোগিতাবোৰৰ বাবে নিজকে প্রস্তুত কৰিবলৈ হ’লে কেৱল নিজৰ বাহ্যিক ৰূপটোৱেই মুখ্য কথা নহয়, মনৰ শক্তি, শাৰীৰিক ফিটনেছ, কথনভংগী, আত্মবিশ্বাস আৰু মানসিক স্থিৰতা খুবেই জৰুৰী৷ মোৰ ক্ষেত্রত সদায় এটা কথা আছিল যি কৰোঁ মন দি কৰোঁ, শতভাগ দিওঁ৷ প্রথম পেজেণ্টত অংশ লোৱাৰ সময়ত ইয়াৰ ধৰণ–কৰণ, ৰীতি–নীতিৰ বিষয়ে বিশেষ জ্ঞাত নাছিলোঁ, কিন্তু নিজৰ ওপৰত গভীৰ বিশ্বাস আছিল৷ লাৰা দত্তৰ তলত মিছ ইউনিভাছ ড্রেইনিং লোৱা মোৰ বাবে সম্পূর্ণ টার্নিং পইণ্ট আছিল৷ তাত মই শিকিলোঁ ফেশ্বন বা বিউটী মানে কেৱল ভাল দেখিবলৈ নহয়, ভিতৰৰ পৰা কেনেকৈ উজ্জ্বল হ’ব লাগে, সেয়াও মূল কথা৷

আপুনি অভিনয় কৰা হিন্দী ছবি সম্পর্কে কিছু কথা জনাব নেকি?
মোৰ হিন্দী ছবি ‘তাৰা আৰু আকাশ ঃ লাভ বিয়ণ্ড ৰিয়েল্মছ’ চিনেমাখন মোৰ হূদয়ৰ সৈতে সংপৃক্ত৷ কাৰণ ই কেৱল এটা প্রেমৰ কাহিনীয়েই নহয় – ই এক আত্মাৰ যাত্রা৷ এই ছবিখনে এনে প্রেমক অন্বেষণ কৰে, যি সময়, স্থান আৰু জীৱনৰ সীমা অতিক্রম কৰিছে৷ ‘মই চিনেমাখনৰ মুখ্য চৰিত্র ‘তাৰা’ৰ চৰিত্রটোত অভিনয় কৰিছোঁ’৷ এই কাহিনীৰ প্লটটোWFE Films–ৰ সহঃ প্রতিষ্ঠাতা জিতেশ ঠাকুৰৰ আৰু চিত্রনাট্য লিখিছিল খ্যাতনামা লেখক শ্রীনিবাস এব্রোলৰ৷ এই ছবিখনৰ ৭০ শতাংশ শ্বুটিং ছুইজাৰলেণ্ডত হৈছিল৷ এই ছবিখনৰ বিশেষ প্রিমিয়াৰ হৈছিলWAVES Summitত, যিটো নৰেন্দ্র মোদীৰ উদ্যোগত আৰম্ভ কৰা হৈছিল আৰু তাৰ পিছতIFFI Goa – International Film Festival of Indiaত অফিচিয়েল ছিলেকচন হৈছিল৷ তাৰWorld Premiere TIFF – Toronto International Film Festival 2024–ত এটা স্বপ্ণ পূৰণৰ দৰে আছিল– য’ত আমাৰ দেশৰ ৰাষ্ট্রীয় ছবি হিচাপে আন্তঃৰাষ্ট্রীয় মঞ্চত প্রতিনিধিত্ব কৰাটো গৌৰৱৰ বিষয় আছিল৷Bharat PavilionতIndian Panoramaৰ অন্তর্গত হৈ উপস্থিত থকা আৰুMinistry of Information & Broadcastingৰ উচ্চ অধিকাৰীৰ লগতে দূৰদর্শী চলচ্চিত্র নির্মাতা শেখৰ কাপুৰৰ সৈতে অংশ লোৱাটো মোৰ বাবে এক গৌৰৱপূর্ণ আৰু আৱেগপূর্ণ মুহূর্ত আছিল৷ তাৰ লগতে কিংবদন্তি অভিনেতা আমল পালেকাৰ আৰু দীপ্তি নাভালৰ দৰে শিল্পীৰ সৈতে কাম কৰিবলৈ পোৱাটো মোৰ বিশেষ সৌভাগ্য আছিল৷

আপুনি বর্তমান কি কামত ব্যস্ত হৈ আছে?
বর্তমান মই একাধিক সৃষ্টিশীল ক্ষেত্রত গভীৰভাৱে জডিত হৈ আছোঁ৷ এগৰাকী অভিনেত্রী, প্রযোজিকা আৰু Whispers From Eternity Films (WFE Films)–ৰ সহঃ প্রতিষ্ঠাপক হিচাপে, মই সদায় নতুন গল্পৰ প্লট বিচাৰি ফুৰোঁ– যি মানুহক অনুপ্রাণিত কৰিব পাৰে, চেতনাক জাগ্রত কৰিব পাৰে আৰু সংস্কৃতিৰ সীমা পাৰ হৈ মানুহৰ হূদয় সংযোজিত কৰিব পাৰে৷ বর্তমান মই দুখনমান বিদেশী ৰাষ্ট্রৰ কেইটামান চলচ্চিত্র সংস্থাৰ লগত বিভিন্ন স্ক্রিপ্ঢৰ কাম কৰি আছোঁ৷ যোৱা ১১ অক্টোবৰত দ্য টাইম্ছ গ্রুপৰ পৰিচালন সঞ্চালক বিনীত জৈনৰ নিমন্ত্রণ ক্রমে মই গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ফিল্ম ফেয়াৰ এৱার্ড প্রদান অনুষ্ঠানত উপস্থিত থকাৰ লগতে ৰেড কার্পেটত খোজ দিয়াৰ উপৰি এটি বিশেষ সাক্ষাৎকাৰত অংশগ্রহণ কৰিছোঁ৷

জুবিন গার্গৰ আকস্মিক মৃত্যু সম্পর্কে আপুনি কি ক’ব?
জুবিনদাৰ আকস্মিক মৃত্যু সংবাদত মই গভীৰভাৱে বিধ্বস্ত৷ তেওঁক বহুবাৰ দেখা কৰা আৰু ব্যক্তিগতভাৱে কথোপকথন কৰাৰ অভিজ্ঞতা মোৰ বাবে এক জীৱন পৰিৱর্তনকাৰী ঘটনা আছিল৷ তেওঁৰ পৰা মই এটা মহান পাঠ শিকিছোঁ– ‘যদি তোমাৰ মাজত সঁচা প্রতিভা থাকে, তেন্তে তুমি কাৰো ওচৰলৈ গৈ খাতিৰ কৰিব নালাগে৷ তুমি নিজৰ পথ নিজেই গঢ়া, নিজৰ মঞ্চ নিজে নির্মাণ কৰা আৰু পৃথিৱী এদিন নিজেই তোমাৰ ওচৰলৈ আহিব৷’ তেওঁ মোক আৰু শিকাইছিল – নিজৰ ওপৰত বিশ্বাস ৰাখিবা, নিজৰ ক্ষমতাত ভৰসা কৰিবা আৰু সুযোগৰ অপেক্ষা নকৰাকৈ নিজে সুযোগ সৃষ্টি কৰিবা৷ তেওঁ ভাৰতৰে এজন অতি বিখ্যাত আৰু মহান শিল্পী৷ তেওঁTrend Setter. তেওঁৰ মহান আত্মাৰ সদ্গতিৰ বাবে মই পৰমেশ্বৰৰ ওচৰত কাতৰ প্রার্থনা জনাইছেছা৷ লগতে মোৰ প্রডাকচন হাউছ Whispers From Eternity Films তেওঁৰ নামত উৎসর্গা কৰিছোঁ৷ মই মোৰ যাত্রাত সত্যনিষ্ঠ, দৃঢ় আৰু নির্ভীক হৈ থাকিবলৈ জুবিনদাই যেন সৰগৰ পৰাই মোক আশীর্বাদ দিয়ে৷

মহিলা সম্পর্কে আপোনাৰ ধাৰণা কেনেধৰণৰ?
মই সঁচাকৈ বিশ্বাস কৰোঁ যে ভাৰতীয় মহিলাসকলে আজি বিশ্বক নেতৃত্ব দিছে৷ বিজ্ঞানী, চিকিৎসক, ইঞ্জিনীয়াৰ, অভিনেত্রী, আৰক্ষী, ৰাজনীতিক বা আন যিকোনো ক্ষেত্রই হওক, ভাৰতৰ মহিলাসকলে সমগ্র বিশ্বতে নিজৰ প্রতিভাৰে জিলিকি উঠিছে৷ আমি ভাৰতীয় মহিলাসকলে প্রতিদিনে প্রমাণ কৰি আহিছোঁ যে আমি শক্তি, বুদ্ধি–জ্ঞান আৰু আমাৰ দৃঢ় সংকল্পৰ সৈতে এই বিশ্ব চলাব পৰাকৈ সক্ষম৷ আমি ঘৰুৱা কামৰ গৃহিণীসকলকো পাহৰিব নোৱাৰোঁ– তেওঁলোকৰ অৱদান নোহোৱাকৈ আমাৰ কোনো কার্যই সম্ভৱ নহয়৷ তেওঁলোকৰ ভিতৰত থকা সেই দিব্য নাৰীশক্তিয়ে আমাক অনুপ্রাণিত কৰে আৰু আগবাঢ়ি যাবলৈ সহায় কৰে৷ তেওঁলোকৰ বিশ্বাস, সহনশীলতা আৰু প্রেমে নতুন প্রজন্মক নিজৰ সীমা পাৰ হ’বলৈ আৰু কল্পনাতকৈও অধিক সফল হ’বলৈ প্রেৰণা দিয়ে৷ মহিলাসকলৰ দৃঢ়তা, সৃষ্টিশীলতা আৰু নেতৃত্বই সমাজৰ বর্তমান আৰু ভৱিষ্যৎ গঢ়ি তুলিছে৷ মই অত্যন্ত গর্বিত যে মই সেই প্রজন্মৰ অংশ, যি সাহস, দয়া আৰু দূৰদর্শিতাৰে এই বিশ্বক নেতৃত্ব দিছে৷

অভিনেত্রী অথবা মডেল নহ’লে আপুনি কি হ’লহেঁতেন?
যদি মই অভিনেত্রী বা মডেল নহ’লোঁহেঁতেন, তেন্তে মই নিশ্চয় আইএএছ, অসামৰিক অধিকাৰীৰ পেছা অনুসৰণ কৰিলোঁহেঁতেন বা কোনো বহুজাতিক প্রতিষ্ঠানত কাম কৰিলোঁহেঁতেন বুলি মই ভাবোঁ৷ মই সদায়ে উৎসাহী, উচ্চাকাংক্ষী আৰু শিক্ষাৰ প্রতি আকর্ষিত আছিলোঁ৷ মই লণ্ডন স্কুল অৱ ইক’নমিক্সত অধ্যয়ন কৰাৰ স্বপ্ণও দেখিছিলোঁ– যাতে মোৰ জ্ঞান আৰু সামর্থ্যৰে দেশ সেৱা কৰিব পাৰোঁ৷ এই বীজবোৰ অতি সৰুতেই মোৰ কণমানি মগজুত দেউতাই ভৰাই দিছিল৷ তদুপৰি ব্যৱসায়েও সদায়ে মোক মুগ্ধ কৰি আহিছে আৰু সেই কাৰণেই মই মোৰ প্রডাকচন হাউছ Whispers From Eternity Films আৰম্ভ কৰিলোঁ – মোৰ পৰিয়ালৰ ব্যৱসায়িক পটভূমিৰ পৰা অনুপ্রেৰণা লৈ৷ সৃষ্টিশীলতা আৰু ব্যৱসায় দুয়োটাৰে হাতত হাত ধৰি, শিল্পীমূলক দৃষ্টিভংগী আৰু কৌশলগত চিন্তাধাৰাক একত্র কৰি মই আগবঢ়াৰ চেষ্টা কৰিছোঁ৷ শেষত কওঁ যে যি বিষয়তেই নহওক কিয়, মই এশ শতাংশ প্রচেষ্টা দি উৎকৃষ্টৰ পৰা উৎকৃষ্টতম হোৱাৰ চেষ্টা কৰিম৷ জয় আই অসম৷ জয় হিন্দ৷

You might also like