গোলকগঞ্জৰ বিএছএফৰ বিষয়াৰ কৰ্মৰত অৱস্থাতে গুজৰাটত মৃত্যু
গোলক গঞ্জৰ আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰণপাগলী গাঁৱৰ প্ৰকাশ চন্দ্ৰ ৰায় নামৰ এগৰাকী সীমা সুৰক্ষা বলৰ বিষয়াই যোৱা ১৬ তাৰিখত গুজৰাটত কৰ্মৰত অৱস্থাতে মৃত্যু বৰণ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
সন্ধিয়া সীমা সুৰক্ষা বাহিনীয়ে ৰায়ৰ মৃতদেহ ঘৰত চমজাই দিয়াৰ লগে লগে কান্দোনৰ ৰোল উঠে। তেঁওৰ মৃতদেহ আগমনিৰ পৰা আক্ৰাছুযে বাইকৰে শোভাযাত্ৰা কৰি নিয়ে। ঘৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত সামৰিক মাজ্যাদাৰে শেষ কৃত সম্পন্ন কৰে।
ক্ষিতীশ চন্দ্ৰ সৰকাৰৰ পুত্ৰ প্ৰকাশ চন্দ্ৰ সৰকাৰে ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ সীমা সুৰক্ষা বলত একজন সৎ নিষ্ঠাবান কৰ্মী হিচাপে নিয়োজিত আছিল। তেওঁ গুজৰাটৰ আহমেদাবাদত কৰ্মৰত অৱস্থাত থকা কালিন শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। পিছত তেওঁক তাতে এখন চিকৎসালয়ত নিয়ে যদিও চিকিৎসাধিন অৱস্থাতে মৃত্যু বৰণ কৰে ।
তেওঁ নিজ গাঁৱৰ সমাজত বিভিন্ন সামাজিক কামত সু-পৰামৰ্শ দি মাৰ্গ দৰ্শন কৰিছিল আনকি তেখেত কোচ ৰাজবংশী জনগোষ্ঠীৰ উওৰণৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰাৰ লগতে ৰণপাগলী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
সীমা সুৰক্ষা বলত জোৱান হিচাবে নিয়োগ পাইছিল যদিও পদোন্নতি হৈ উপ পৰিদৰ্শক হৈছিল ৰায়ে। সমাজখনক উন্নয়নক লৈ তেখেতৰ বহু স্বপ্ন আছিল আনকি চুটিত ঘৰত আহিলে সমাজৰ কামতে ব্যস্ত আছিল। কিন্তু নিয়তীৰ পৰিহাৰ তেওঁৰ সকলো স্বপ্ন আধৰুৱা হৈ ৰল।
তেওঁ যোৱা ১৬ অক্টোবৰৰ দিনা গুজৰাটৰ আহমেদাবাদত কৰ্মৰত অৱস্থাত থকা কালিন শাৰীৰিকভাৱে অসুস্থ হৈ মৃত্যু বৰণ কৰে । অৱশ্যে ৰায়ৰ মৃতদেহ কাইলৈ ঘৰ পোৱাৰ কথা । মৃত্যুৰ সময়ত পিতৃ,মাতৃ, পত্নী আৰু এগৰাকী কৈ পুত্ৰ কন্যা আৰু বহু আত্মীয় স্বজনক এৰি যায়।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ অক্টোবৰ