নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ দোকানলৈ জাননী জাৰি…

সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষতে অবৈধভাৱে  গঢ় লৈ উঠা অস্থায়ী দোকানসমূহলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাননী জাৰি কৰিছে ৷ ৬ দিনৰ ভিতৰত দোকানসমূহ সেই স্থানৰ পৰা উঠাই নিয়াৰ নিৰ্দেশ জাৰি কৰিছে ৷ অন্যথা দোকানসমূহত চলাব উচ্ছেদ ৷

উল্লেখ্য যে ২৭নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা জুবিনৰ সমাধি ক্ষেত্ৰত দৈনিক হাজাৰ হাজৰ লোকৰ সমাগম ঘটে ৷ তেনে ক্ষেত্ৰত য’তে ত’তে গঢ়ি উঠা দোকানসমূহৰ বাবে যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ এই দোকানসমূহৰ বাবে সমগ্ৰ ৰাজ্যৰ পৰা জুবিন ক্ষেত্ৰলৈ অহা হাজাৰ হাজাৰ গাড়ী পাৰ্কিঙৰ ক্ষেএত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ ৰাষ্ট্ৰীয় পথৰ লগতে জুবিন ক্ষেত্ৰত দিনে-নিশাই দৈনিক ভয়ানক যান-জঁটৰ সৃষ্টি হয় ৷

এনে যান-জঁটৰ বাবে পূৰ্বে সেই স্হানত দুৰ্ঘটনাও সংঘটিত হৈছে ৷ এনে সমস্যাসমূহৰ বাবে অবৈধভাৱে গঢ়ি উঠা দোকানসমূহ ৬ দিনৰ ভিতৰত আঁতৰাই নিবলৈ জাননী জাৰি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৯ অক্টোবৰ

You might also like