নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জুবিনৰ স্মৃতি ৰক্ষা

অসমে সদায় নিজৰ শিল্পীক সন্মান দিয়াৰ ক্ষেত্রত এক ঐতিহ্য আছে৷ প্রবীণ শিল্পী যতীন গোস্বামী ডাঙৰীয়াই প্রকাশ্যে কৈছিল যে তেওঁ যিমানৰ যোগ্য অসমে তেওঁক তাতকৈ অধিক সন্মান প্রদর্শন কৰিছে৷ অসম চৰকাৰে প্রদান কৰি অহা শিল্পী পেন্সন, বার্ষিক শিল্পী সন্মান আদিয়ে প্রমাণ কৰে যে শিল্পীৰ প্রতি সন্মান প্রদর্শন কৰাত অসম চৰকাৰে গুৰুত্ব প্রদান কৰি আহিছে৷

এই প্রসংগ পুনৰ উত্থাপিত হৈছে জুবিন গার্গৰ স্মৃতি ৰক্ষাৰ প্রসংগত৷ জুবিন গার্গৰ দেহাৱসান হৈছিল অস্বাভাৱিক আৰু সন্দেহপূর্ণ পৰিৱেশত৷ সেই সময়ত তেওঁৰ লগত থকা ঘনিষ্ঠসকলৰ আচৰণ ইমানেই সন্দেহজনক যে জুবিন এক ষডযন্ত্রৰ বলি হোৱা বুলি মানুহৰ ধাৰণা হ’ল আৰু জুবিনে ন্যায় পোৱাটোক প্রথমে প্রাধান্য দিলে৷

কিন্তু ভাৰতত ন্যায় প্রাপ্তি ইমান খৰতকীয়া নহয়৷ আইনে নিজ পথেৰেই বাট বুলিব আৰু এদিন ন্যায় প্রদান কৰিব৷ কিন্তু একে সময়তে জুবিনৰ দৰে সংগীত প্রতিভা এজনৰ স্মৃতি ৰক্ষাৰ দৰে প্রয়োজনীয় কামো চৰকাৰে আৰম্ভ কৰিছে৷ বিয়োগৰ কাৰণে দুখ প্রকাশ কৰাটো স্বাভাৱিক আৰু প্রয়োজনীয়, কিন্তু একে সময়তে স্মৃতিক স্থায়ীভাৱে আৰু সামাজিক সম্পদ হ’ব পৰাকৈ ৰক্ষা কৰাটোও চৰকাৰৰ দায়িত্ব৷

ইতিমধ্যে চৰকাৰে জুবিনৰ সৎকাৰস্থলীক ৰাজহুৱা ক্ষেত্র এখনলৈ ৰূপান্তৰ কৰাৰ উপযুক্ত সিদ্ধান্ত গ্রহণ কৰিছে আৰু সেই স্থানক কেনেদৰে এক সামাজিক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি, সেই পৰামর্শদানৰ বাবে এখন কমিটীও গঠন কৰিছে৷ কেইবাজনো দক্ষ আৰু প্রতিভাৱান ব্যক্তিৰ এই কমিটীখনে নিশ্চয় ভালদৰে কাম কৰি জুবিন ক্ষেত্রক এক আন্তর্জাতিক ৰূপত গঢ়ি তুলিব৷

জুবিনৰ শেষ শয়নৰ স্থানৰ প্রতি মানুহৰ এটা স্বাভাৱিক আৱেগিক আকর্ষণ থকাটো স্বাভাৱিক আৰু তাত জনসমাগম হোৱাটোও স্বাভাৱিক৷ এই সমাগমৰ চৰিত্রৰ প্রতি মন দি জুবিন ক্ষেত্রৰ ভৱিষ্যৎ পৰিকল্পনা নকৰাই ভাল হ’ব৷ কাৰণ এই আৱেগৰ তীব্রতা এটা সময়ত হ্রাস হ’ব আৰু তেতিয়াই এই ঠাইখিনিৰ চৰিত্র সলনি হৈ পৰিব৷

ভৱিষ্যতে হ’ব পৰা সেই চৰিত্রৰ কথা ভাবিহে পৰিকল্পনা কৰিলে ঠাইখিনিয়ে সমাজলৈ এটা অৱদান যোগাব পাৰিব৷ এই সমাধিক্ষেত্র ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রৰ দৰে এক স্থবিৰ আৰু তৰংগহীন অৱস্থালৈ যোৱাৰ পৰিৱর্তে আন্তর্জাতিক মানৰ এক প্রয়োজনীয় ৰাজহুৱা অনুষ্ঠান হয়, সেই কথা মনত ৰাখিব লাগিব৷

নলবাৰী চহৰৰ মাজমজিয়াত জুবিন গার্গৰ স্মৃতিত এখন অৰণ্য বা হাবি সৃষ্টি কৰাৰ কথা ঘোষণা কৰা হৈছে৷ এই পৰিকল্পনা কৰা ব্যক্তিগৰাকীৰ দূৰদর্শিতা প্রশংসনীয়৷ কিন্তু এই পৰিকল্পনাই ঈপ্সিত ফল লাভ কৰিব যদিহে এই হাবিখনত কংক্রিটৰ স্পর্শ নলগাকৈ সম্পূর্ণ প্রাকৃতিক ধৰণে ৰখা হয়৷ নগৰ এখনৰ মাজত সৰু সৰু হাবি আৰু জলাশয়ৰ প্রয়োজনীয়তাৰ দিশটি এতিয়াও অসমৰ নগৰ পৰিকল্পকসকলে হূদয়ংগম কৰিব পৰা নাই৷

নলবাৰীত এনে পৰিকল্পকৰ উপস্থিতি এক সামাজিক পৰিৱর্তনৰ চিন৷ জাপানীসকলে উদ্ভাৱন আৰু প্রচাৰ কৰা ‘মিৱাৱাকি’ নামৰ চহৰৰ মাজত সৃষ্টি কৰিব পৰা হাবিৰ এটা ধাৰণাৰ উপযোগিতাৰ বাবে ই এতিয়া পৃথিৱীৰ বিভিন্ন প্রান্তত জনপ্রিয়তা লাভ কৰিছে৷ অসমতো এনে হাবিৰ পৰীক্ষামূলক সৃষ্টি আৰম্ভ হৈছে আৰু ই ফল প্রমাণিত হৈছে৷

নিয়মীয়া বার্তা’ই আজি বহুদিন ধৰি এই ধাৰণাৰ বিষয়ে প্রচাৰ কৰি আহিছে৷ জুবিনৰ স্মৃতিৰ কাৰণেই যদি এনে এটা সময়োপযোগী আৰু পৰিৱেশৰ বাবে প্রয়োজনীয় ধাৰণা এটিয়ে প্রচাৰ আৰু প্রসাৰ লাভ কৰে, তেনেহ’লে ই জুবিন স্মৃতিৰ ক্ষেত্রত এটি ডাঙৰ কাম কৰা হ’ব৷ আশা কৰিব পাৰি চৰকাৰে এই বিষয়টি মনোযোগেৰে গ্রহণ কৰিব৷

নলবাৰীয়ে আৰম্ভ কৰা হাবি নির্মাণৰ এই কাম অসমৰ সকলো চহৰতে বিয়পি পৰিলে অসমৰ নগৰীয়া পৰিৱেশ উন্নত কৰাত এটা ডাঙৰ সংযোজন হ’ব৷ এই কাম জুবিনপ্রেমীক দেখুৱাবলৈ নহয়, এটা আন্দোলন হিচাপে গঢ়ি তুলিলেহে এটা ফল পোৱা যাব আৰু জুবিনৰ স্মৃতিও মানুহে ইয়াৰ মাজতেই বিচাৰি পাব৷

You might also like