নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামচাইত সেনা-আলফা (স্বাঃ)ৰ সংঘৰ্ষ : নিহত আলফা কেডাৰ আইয়ান অসম

আক্ৰমণৰ লগত জড়িত আইয়ান অসম ওৰফে অভিকেশ মৰাণৰ মৃত্যু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা ৰূপে বিবেচিত হৈছে

কালি নিশা অৰুণাচল প্ৰদেশৰ নামচাই অঞ্চলত সেনা-আলফাৰ মাজত সংঘটিত হয় এক ভয়াবহ সংঘৰ্ষ। নামচাই অঞ্চলৰ পাৰ্শ্বৱৰ্তী ছয়মাইলত সংঘটিত সংঘটিত এই সংঘৰ্ষত আলফা স্বাধীনৰ এজন সদস্য নিহত হয়।

জানিব পৰা মতে উক্ত অঞ্চলত এক ৭/৮ জনীয়া‌ আলফা স্বাধীনৰ দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল নিৰাপত্তাক্ষীৰ দলে। যাৰ পৰিপ্ৰেক্ষিতত সেনা আৰু স্থানীয় আৰক্ষীয়ে অঞ্চলটোত চলোৱা অভিযানত আলফা স্বাধীনৰ এজন সদস্য ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আন কেইজন আলফা স্বাধীনৰ সদস্য।

ইতিমধ্যে নিহত আলফা সদস্যজন আইৱান অসম ওৰফে অভিকেশ মৰাণ আৰু তেওঁৰ ঘৰ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ কৰ্দৈগুৰি অঞ্চলত বুলি নিৰাপত্তা বাহিনীয়ে নিশ্চিত কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা এটা HK ৰাইফল, গ্ৰেণেড আৰু বিভিন্ন আপত্তি জনক নথিপত্ৰ সম্বলিত এটা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে বিগত সপ্তাহত তিনিচুকীয়াৰ কাকপথাৰত অৱস্থিত ভাৰতীয় সেনাৰ শিবিৰত আক্ৰমণ চলাই তিনিজনকৈ সেনাক আহত কৰা ঘটনাৰ লগত জড়িত দলটোৱেই কালি উক্ত অঞ্চলত সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা বুলি ইতিমধ্যে নিৰাপত্তা ৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে উক্ত আক্ৰমণৰ লগত জড়িত আইয়ান অসম ওৰফে অভিকেশ মৰাণৰ মৃত্যু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা ৰূপে বিবেচিত হৈছে।

বিশেষ বার্তা: নাহৰকটীয়া, ২২ অক্টোবৰ:

You might also like