নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অনলাইন বাণিজ্য আৰু সংস্থাপন

অনলাইন শ্বপিং আজিৰ যুগত সকলোৰে বাবে এটি পৰিচিত বজাৰ ব্যৱস্থা৷ অনলাইন শ্বপিং সম্পর্কে নতুনকৈ এতিয়া ব্যাখ্যা কৰাৰ প্রয়োজন নাই৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই আধুনিক ব্যৱস্থাটোৰ বিষয়ে অৱগত৷

সম্প্রতি ভাৰতৰ এই অনলাইন শ্বপিং উদ্যোগটোৱে এক গতি লাভ কৰিছে৷ দেশত ক্রমাৎ বৃদ্ধি পাইছে অনলাইন ক্রেতাৰ সংখ্যা৷ অনলাইনৰ ক্রেতাৰ বাবে ক্রেতাজন ইণ্টাৰনেট ব্যৱহাৰকাৰী হ’ব লাগিব৷ ভাৰতবর্ষত প্রায় বিলিয়ন লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে৷

ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধিৰ লগে লগে অনলাইন বজাৰ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ২০২৪ চনলৈ ভাৰতত প্রায় ২৭০ মিলিয়ন লোকে অনলাইন বজাৰ কৰে৷ এই সংখ্যা ২০৩০ চনলৈ ৩০০ মিলিয়ন হ’ব বুলি অনুমান কৰা হৈছে৷

অনলাইনত বস্তু ক্রয় কৰাত বহুখিনি সুবিধা আছে যদিও অসুবিধাও কিছু আছে, কিন্তু সেই অসুবিধাবোৰক একাষৰীয়া কৰিও মানুহে অনলাইনত বস্তু ক্রয় কৰাত গুৰুত্ব দিয়া দেখা হৈছে৷ ইয়াৰ মূলতে হৈছে মানুহৰ হাতত সময় তাকৰ৷ বজাৰত গৈ বস্তু ক্রয় কৰা বাবে বহুতে সময় মিলাব নোৱাৰে৷

দিনভৰ ব্যস্ততাৰ শেষত সন্ধিয়া বজাৰত গৈ বজাৰ কৰা শক্তিও বহুতৰে নাথাকে৷ গ্রামাঞ্চলৰ ৰাইজেও চহৰলৈ আহি বজাৰ কৰাতকৈ অনলাইনতেহ বস্তু ক্রয় কৰিবলৈ পছন্দ কৰে৷ অনলাইনত ক্রয় কৰিলে বহু সময়ত গ্রাহকে অফাৰ লাভ কৰে৷ কম মূল্যত ঘৰতেহ বহি নিজৰ মন পছন্দৰ বস্তু ক্রয় কৰিব পাৰে, যাৰ বাবে দিনকদিনে বৃদ্ধি পাইছে অনলাইন বজাৰৰ চাহিদা৷

অনলাইন গ্রাহকসকলক সুখী কৰিবলৈ কোম্পানীসমূহেও বিভিন্ন কৌশল অৱলম্বন কৰে৷ কিছু বছৰ পূর্বে Myntra.com নামৰ এটা ফেশ্বন প’র্টেলে সমীক্ষা চলাইছিল৷ তেওঁলোকে গুৱাহাটীৰ যুৱকসকলৰ মাজত অনলাইন বজাৰৰ বর্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰিছিল৷ এই অধ্যয়নটোৱে অনলাইন বজাৰৰ বাবে গুৱাহাটীক ভাৰতৰ ভিতৰত ১৫খন চহৰৰ ভিতৰত ১১ নম্বৰত স্থান দিছিল৷ সেই সময়ত দিল্লী শীর্ষত আছিল৷

তথ্য অনুসৰি ১৬ বছৰৰ পৰা ৫৪ বছৰ বয়সৰ লোকসকলে অধিক অনলাইন বস্তু ক্রয় কৰে৷ অনলাহন বজাৰৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে নিয়োগৰ সংখ্যাও বৃদ্ধি পাইছে৷ অনলাইন বজাৰবোৰৰ প্রধান কোম্পানীসমূহ অসমত নাই যদিও বহু যুৱক–যুৱতী এই কোম্পানীবোৰৰ সৈতে জড়িত হৈ আছে৷

এমাজন ইণ্ডিয়া, ফ্লিপকার্ট, স্নেপডিল, মিণ্ট্ৰা, শ্বপক্লুজ, জোমেটো, ছুইগী আদিৰ দৰে কোম্পানীত বহু যুৱক–যুৱতী জড়িত হৈ আছে৷ গুৱাহাটীতেই ৪০০০তকৈ অধিক যুৱক–যুৱতী ডেলিভাৰীৰ সৈতে জড়িত হৈ আছে৷

মন পছন্দৰ বস্তুৰ লগতে খাদ্যও যেতিয়া ঘৰতেই চাই অর্ডাৰ দিব পৰা হ’ল তেতিয়া খাদ্য অনলাইন অর্ডাৰো দ্রুতগতিত বৃদ্ধি হ’বলৈ ধৰিলে৷ প্রায়সংখ্যক ৰেষ্টুৰেণ্টেই অনলাইন কোম্পানীসমূহৰ সৈতে জড়িত হৈ পৰিল৷ গ্রাহকে ডিজিটেল মেন্যু, আকর্ষণীয় ব্যঞ্জন চাই অনলাইন অর্ডাৰ দিয়ে আৰু ডেলিভাৰী বয়ে নির্দিষ্ট সময়ৰ ভিতৰত ঘৰতেহ মন পছন্দৰ খাদ্য যোগান ধৰে৷

এই খাদ্য এপবোৰে প্রায়ে অফাৰ দিয়ে, সেই অফাৰৰ বাবে গ্রাহকসকল আকর্ষিত হোৱা দেখা যায়৷ ইয়াৰ উপৰি চহৰলৈ আহি বহু যুৱক–যুৱতীয়ে নিজৰ হাত খৰচৰ বাবে ডেলিভেৰী বয় বা অনলাইন এপ ব্যৱহাৰ কৰি ৰেপিড’, অ’লা আদি চলোৱা দেখা যায়৷

এই এপবোৰ ব্যৱহাৰ কৰি বহু যুৱক–যুৱতীয়ে অন্য কাম নকৰি এই কামেৰেও জীৱন নির্বাহ কৰি আছে৷ কোম্পানীবোৰৰ মুখ্য কার্যালয়, শাখাসমূহতো বহু যুৱক–যুৱতী জড়িত হৈ আছে৷ Insurance, বোনাছৰ পৰা আদি কৰি অধিক কষ্ট কৰিলে অধিক উপার্জন কৰিবলৈও সক্ষম হয়৷

যাৰ বাবে বহু যুৱক–যুৱতী এই ক্ষেত্রখনৰ সৈতে জড়িত হৈ আছে৷ বহু অনলাইন প্লেটফর্মৰ জৰিয়তে নতুন প্রজন্মই ব্যৱসায়ত মনোনিৱেশ কৰাও দেখিবলৈ পোৱা গৈছে৷ অনলাইন প্লেটফর্মত নিজৰ সামগ্রীসমূহ প্রদর্শন কৰিও বহুতে লাভান্বিত হোৱা দেখা গৈছে৷

মুঠতে অনলাইন বজাৰৰ চাহিদা বৃদ্ধিৰ লগে লগে নিয়োগ আৰু ব্যৱসায় দিশটোৱে এক নতুন গতি লাভ কৰিছে৷ নতুন প্রজন্মই এই অনলাইন দিশবোৰৰ সৈতে জড়িত হৈ উপার্জন কৰাৰ লগতে নিজৰ ব্যৱসায় ক্ষেত্রখনকো এক পৰিচয় দিবলৈ সক্ষম হৈছে৷

পূর্বতে অনলাইন অর্ডাৰ কৰিলে দুই–তিনি দিন লাগিছিল যদিও আজিকালি ১০ মিনিটত অর্ডাৰ দিয়াও ৱ্যৱস্থা গঢ় লৈ ডঠিছে৷ গতিকে এই ব্যৱস্থাৰ সৈতে ইণ্টাৰনেট ব্যৱহাৰকাৰী যিমানেই জড়িত হ’ব, সিমানে এই ক্ষেত্রখনক ব্যৱসায় হিচাপে লোৱা লোকসকলো লাভান্বিত হ’ব, লগতে কোম্পানীবোৰত অধিক ল’ৰা–ছোৱালীক সংস্থাপন দিবলৈ সক্ষম হ’ব৷

You might also like