নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘগ্ৰাপাৰৰ ৰামপুৰ-অজাগৰাত জুবিন গাৰ্গৰ নামত নাহৰৰ পুলি ৰোপণ

সকলোৱে জুবিন গাৰ্গৰ অমৰ সংগীত "মায়াবিনী ৰাতি" শীৰ্ষক গীতটি পৰিবেশন কৰি মহান শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ-বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫০ নং ৰামপুৰ অজাগৰা প্ৰাথমিক বিদ্যালয় চৌহদত কালি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰ গছৰ পুলি  ৰোপণ কৰা হয়।

২নং পূব বনভাগ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ তিনিদিনীয়া অনা আৱাসিক প্ৰশিক্ষণৰ মাজতে এই অনুষ্ঠানৰ আয়োজন কৰে। গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে বড়িগোগ-বনভাগ প্ৰাথমিক শিক্ষাখণ্ডৰ সমল ব্যক্তি তথা লেখক সুভাষ বৰ্মনে।

বৰ্মনে প্ৰয়াত শিল্পী গৰাকীৰ স্মৃতিচাৰণ কৰাৰ লগতে বৃক্ষৰোপণৰ তাৎপৰ্য, গুৰুত্ব আৰু মহত্বৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানৰ আঁতধৰে চি আৰ চি চি মোস্তাফা আহমেদে।

২নং পূব বনভাগ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মোস্তাফা আহমেদৰ আহ্বান মৰ্মে অনুষ্ঠানটোত উপস্থিত থাকে সমল কেন্দ্ৰৰ অন্তৰ্গত বৰাজোল আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়, ধুৰকুছিয়াপাৰা প্ৰাথমিক বিদ্যালয়, ২নং বৰাজোল প্ৰাথমিক বিদ্যালয়, পোনৰকাউনীয়া প্ৰগতি বিদ্যাপীঠ, ৯০৭ নং পোনৰকাউনীয়া প্ৰাথমিক বিদ্যালয়, জাৱজাৱকুছি প্ৰাথমিক বিদ্যালয় আৰু ২ নং ৰামপুৰ অজগৰা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা সকল।

শেষত সকলোৱে জুবিন গাৰ্গৰ অমৰ সংগীত “মায়াবিনী ৰাতি” শীৰ্ষক গীতটি পৰিবেশন কৰি মহান শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষক যোৱা ১৪ আৰু ২২ অক্টোবৰত অনুষ্ঠিত হয়। পুনৰ ২৫ অক্টোবৰত সামৰণি পৰিব। প্ৰশিক্ষণ চলি থকাৰ মাজতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত নাহৰ গছপুলি ৰোপণ কৰা বাবে সংশ্লিষ্ট সকলোকে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ২৩ অক্টোবৰ

You might also like