জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নলবাৰীত আছুৰ ন্যায় সমদল
'জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আটাইকে শাস্তি দিয়ক', 'অসম চৰকাৰ হায় হায়', 'গৃহ বিভাগ হায় হায়' আদি শ্লোগানেৰে ৰাজপথ মুখৰিত কৰি তোলে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নলবাৰীত আজি আছুৱে ন্যায় সমদল কাৰ্যসূচী ৰূপায়ন কৰে। নলবাৰীৰ শ্বহীদ ভৱন বাকৰিৰ পৰা আছুৱে উলিওৱা এক বৃহৎ সমদল চহৰৰ মাজৰে গৈ পুনৰ শ্বহীদ ভৱনত সামৰণি পৰে।
ছাত্ৰ সন্থাৰ কৰ্মীসকলে ‘প্ৰাণৰ শিল্পী জুবিনক ন্যায় দিয়ক’, ‘পানী নসৰকা এছ আই টি ৰ প্ৰতিবেদন দাখিল কৰক’, ‘জুবিনক লৈ বিজেপিয়ে কৰা ৰাজনীতি বন্ধ কৰক’, ‘জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়ক’, ‘শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক’, ‘জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আটাইকে শাস্তি দিয়ক’, ‘অসম চৰকাৰ হায় হায়’, ‘গৃহ বিভাগ হায় হায়’ আদি শ্লোগানেৰে ৰাজপথ মুখৰিত কৰি তোলে।
ছাত্ৰ সন্থাৰ এই সমদলত আছুৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, উপদেষ্টা গুণজ্যোতি পাঠক, অক্ষয় ডেকা, উৎপল কলিতা,অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কন্দৰ্প শৰ্মা,অসম সেনাৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক বিৰাজ গোস্বামী, নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, শিক্ষাবিদ দিনমনি ভাগৱতী, ফণীধৰ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা আদিয়ে অংশ লয়।
বিশেষ বাৰ্তা, নলবাৰী, ২৩ অক্টোবৰ