হায়দৰাবাদ-বেংগালুৰু হাইৱেত ভয়ংকৰ দুৰ্ঘটনা, ১২জনৰ মৃত্যু
আজি হায়দৰাবাদ-বেংগালৰু হাইৱেৰ কৰুণূল জিলাৰ কল্লূৰ মণ্ডলৰ চিন্নাটেকপুৰ অঞ্চলত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। কালেশ্বৰম ট্ৰেভেলছৰ এখন যাত্ৰাবাহী বাছত অগ্নিকাণ্ড সংঘটিত হৈ বহুজনৰ মৃত্যু ঘটে। ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কেইমিনিটমানৰ ভিতৰতে সম্পূৰ্ণ বাছখন জ্বলি ছাই হৈ পৰে। বৰ্তমানে জুই নিয়ন্ত্ৰণত আহিছে। পিটিআই-এ আৰক্ষীৰ উদ্ধৃতি দি জনায় যে এতিয়ালৈকে ১২জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে।
বাছখন কেনেকৈ জ্বলিল?
প্ৰাৰম্ভিক তথ্য অনুসৰি, কালেশ্বৰম ট্ৰেভেলছৰ বাছখন বেংগালৰু–হায়দৰাবাদ হাইৱেৰ ওপৰত এখন বাইকত খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতেই বাছখনত ভয়ংকৰ জুই লাগে। আৰক্ষীয়ে জনায়, দুৰ্ঘটনাৰ সময়ত ড্ৰাইভাৰ আৰু সহায়কসহ মুঠ ৪২জন যাত্ৰী বাছখনত উপস্থিত আছিল। এতিয়ালৈকে ১৫জনক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ আগতেও এনে বহু বাছ দুৰ্ঘটনা এই অঞ্চলত সংঘটিত হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাত ১০ৰ অধিক লোকৰ মৃত্যু হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ অক্টোবৰ