নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব কী বাৰ মোদী চৰকাৰ শ্লোগানৰ জনক পীয়ূষ পাণ্ডেৰ মৃত্যু

পীয়ূষ পাণ্ডেই ‘ঠাণ্ডা মতলব কোকাকোলা’, কেডবাৰীৰ বাবে ‘কুচ মিঠা হো জায়ে’ আদি বহুতো জনপ্ৰিয় বিজ্ঞাপন লিখিছিল

ভাৰতীয় বিজ্ঞাপন জগতত মোক্ষম আঘাত। ‘এড গুৰু’ নামেৰে পৰিচিত পীয়ূষ পাণ্ডেৰ মৃত্যু হৈছে। তেওঁ ৭০ বছৰ বয়সত মুম্বাইত অন্তিম নিশ্বাস ত্যাগ কৰে। যদিও মৃত্যুৰ কাৰণ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। পীয়ূষ পাণ্ডেই ‘অব কী বাৰ মোদী চৰকাৰ’ আৰু ‘ঠাণ্ডা মানে কোকাকোলা’সহ বহুতো জনপ্ৰিয় বিজ্ঞাপন লিখি থৈ গৈছে।

পীয়ূষ পাণ্ডেই ২৭ বছৰ বয়সত বিজ্ঞাপন জগতত প্ৰৱেশ কৰিছিল। তেওঁ নিজৰ ভায়েক প্ৰসূন পাণ্ডেৰ সৈতে একেলগে নিজৰ জীৱনৰ আৰম্ভণি কৰিছিল। দুয়োজনে প্ৰথমে ৰেডিঅ’ জিঙলৰ বাবে নিজৰ কণ্ঠ দিছিল। তেওঁ ১৯৮২ চনত বিজ্ঞাপন কোম্পানী ‘অগিলভি’ৰ সৈতে কাম আৰম্ভ কৰিছিল। তাৰ পিছত ১৯৯৪ চনত তেওঁক অগিলভিৰ ব’ৰ্ডত ন’মিনেট কৰা হৈছিল। উল্লেখযোগ্য যে ২০১৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

উল্লেখযোগ্য যে পীয়ূষ পাণ্ডেই ‘ঠাণ্ডা মতলব কোকাকোলা’, কেডবাৰীৰ বাবে ‘কুচ মিঠা হো জায়ে’ আদি বহুতো জনপ্ৰিয় বিজ্ঞাপন লিখিছিল।

You might also like