নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানত চাকৰি, সাক্ষাৎকাৰ ১১-১২ নৱেম্বৰ

অইল ইণ্ডিয়া লিমিটেড (OIL)-এ দুলীয়াজান ফিল্ড হেডকোৱাৰ্টাৰত তৎক্ষণাত নিযুক্তিৰ বাবে চুক্তিভিত্তিকভাৱে ১৬টা পদ পূৰণৰ বাবে এখন নিয়োগ সূচনা প্ৰকাশ কৰিছে। এই নিয়োগ Drilling/Workover Operator আৰু Drilling/Workover Assistant Operator পদৰ বাবে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া সম্পূৰ্ণ তথ্যবোৰ পঢ়িব পাৰে। সংস্থাৰ নাম অইল ইণ্ডিয়া লিমিটেড (OIL), পদৰ সংখ্যা ১৬টা পদ, ৱাক-ইন-সাক্ষাৎকাৰৰ তাৰিখ ১১ আৰু ১২ নৱেম্বৰ, ২০২৫। পদৰ নাম ড্ৰিলিং/ ৱৰ্কঅভাৰ অপাৰেটৰ আৰু ড্ৰিলিং/ ৱৰ্কঅভাৰ সহকাৰী অপাৰেটৰ, অফিচিয়েল ৱেবছাইট www.oil-india.com

অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান নিয়োগৰ বিৱৰণ

1. চুক্তিভিত্তিক Drilling/Workover Operator

  • পদৰ সংখ্যা: ০৮টা

বেতন :

  • স্থায়ী ভাট্টা : ২৪,৯৬০ (প্ৰতিমাহে উপস্থিতিৰ ওপৰত ভিত্তি কৰি, পেইড লীভ আৰু হোলিডেসহ)।
  • পৰিৱৰ্তনশীল ভাট্টা : প্ৰতি কামৰ দিনত ৯৬০।

যোগ্যতা :
বিকল্প ১ :
(i) চৰকাৰী স্বীকৃত শিক্ষা পৰিষদৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
(ii) চৰকাৰী স্বীকৃত পলিটেকনিকৰ পৰা যিকোনো ইঞ্জিনিয়াৰিং শাখাত ৩ বছৰীয়া ডিপ্ল’মা।
(iii) Drilling/Workover কামৰ ক্ষেত্ৰত কমেও ২ বছৰীয়া অভিজ্ঞতা — উদাহৰণস্বৰূপে Drilling/Workover অপাৰেচন, ব্রেক অপাৰেট কৰা, Rig floor operation, BHA lowering, Tripping in/out টিউবুলাৰ আদিৰ অভিজ্ঞতা।

অথবা
বিকল্প ২ :
(i) চৰকাৰী স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক।
(ii) Drilling/Workover অপাৰেচনসমূহত কমেও ২ বছৰীয়া অভিজ্ঞতা।

অথবা
বিকল্প ৩:
(i) দশম শ্ৰেণী উত্তীৰ্ণ।
(ii) চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা Diesel Mechanic/Fitter/Electrician/Turner/Welder/Motor Mechanic/Machinist ট্ৰেডৰ প্ৰমাণপত্ৰ।
(iii) Drilling/Workover অপাৰেচনসমূহত কমেও ৫ বছৰীয়া অভিজ্ঞতা।

বয়সৰ সীমা:

  • নূন্যতম : ১৮ বছৰ
  • সৰ্বাধিক : সাধাৰণ: ৪৫ বছৰ, OBC-NCL: ৪৮ বছৰ, SC : ৫০ বছৰ

2. চুক্তিভিত্তিক Drilling/Workover Assistant Operator

  • পদৰ সংখ্যা: ০৮টা

বেতন:

  • স্থায়ী ভাট্টা : ২১,৪৫০ প্ৰতিমাহে
  • পৰিৱৰ্তনশীল ভাট্টা : প্ৰতি কামৰ দিনত ৮২৫

যোগ্যতা :
(i) চৰকাৰী স্বীকৃত শিক্ষা পৰিষদৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ।
(ii) চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা Diesel Mechanic/Fitter/Electrician/Turner/Welder/Motor Mechanic/Machinist ট্ৰেডৰ প্ৰমাণপত্ৰ।
(iii) Drilling/Workover কামত কমেও ২ বছৰীয়া অভিজ্ঞতা — বিশেষকৈ Rig floor operation, BHA lowering, Double/Triple board operation, Tripping in/out টিউবুলাৰ আদিত।

বয়সৰ সীমা:

  • নূন্যতম: ১৮ বছৰ
  • সৰ্বাধিক : সাধাৰণ : ৪০ বছৰ, OBC-NCL : ৪৩ বছৰ, SC : ৪৫ বছৰ

আবেদন পদ্ধতি

  1. আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে OILৰ আধিকাৰিক অনলাইন আবেদন প’ৰ্টেলত আবেদন কৰিব লাগিব।
  2. Online Application Linkত ক্লিক কৰক।
  3. এটা নতুন টেবত OILৰ অফিচিয়েল প’ৰ্টেল খুলি যাব।
  4. প্ৰথমে আপোনাৰ নাম ৰেজিষ্টাৰ কৰক।
  5. তাৰ পিছত প্ৰয়োজনীয় সকলো তথ্য সঠিকভাৱে ভৰাওক।
  6. প্ৰয়োজনীয় নথিপত্ৰসমূহ আপল’ড কৰক।
  7. পৰীক্ষা ফিজ জমা দিয়ক।
  8. সফলভাৱে পেমেণ্ট সম্পন্ন হোৱাৰ পাছত আপোনাৰ আবেদন জমা হ’ব।
  9. আবেদন জমাৰ এটা Acknowledgment Copy সংৰক্ষণ কৰি ৰাখিব, ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে।

 

You might also like