নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

TTE-ক ৩০ বছৰ পিছত নিৰ্দোষী ঘোষণা… ছুপ্ৰিম কৰ্টৰ ঐতিহাসিক ৰায়

১৯৮৮ চনৰ মে মাহত দাদৰ–নাগপুৰ এক্সপ্ৰেছত কৰ্তব্যত থকা অৱস্থাত TTE ভি. এম. সৌদাগৰৰ বিৰুদ্ধে ৰেলৱে সতৰ্কতা দলে অভিযোগ তোলে যে তেওঁ তিনিজন যাত্ৰীৰ পৰা আসন সংৰক্ষণৰ বাবদ ৫০ টকা ঘোচ বিচাৰিছিল

সৰ্বোচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়ত এগৰাকী ৰেলৱে টিকট পৰীক্ষক (TTE)ক নিৰ্দোষী ঘোষণা কৰিছে, যাৰ বুৰুদ্ধে তিনিটা দশক পূৰ্বে ৫০ টকাৰ ঘোচ লোৱাৰ অভিযোগ উঠিছিল। এই ৰায়ে প্ৰমাণ কৰিছে যে ন্যায় পোৱাৰ প্ৰক্ৰিয়াত দেৰি হ’ব পাৰে, কিন্তু সত্য শেষত জয়ী হয়েই। আদালতে কৈছে যে প্ৰয়াত কৰ্মচাৰী ভি. এম. সৌদাগৰ নিৰ্দোষী আছিল আৰু তেওঁৰ পৰিয়ালক তিনি মাহত ভিতৰতে পেঞ্চন আৰু বাকী সেৱা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে ১৯৮৮ চনৰ মে মাহত দাদৰ–নাগপুৰ এক্সপ্ৰেছত কৰ্তব্যত থকা অৱস্থাত TTE ভি. এম. সৌদাগৰৰ বিৰুদ্ধে ৰেলৱে সতৰ্কতা দলে অভিযোগ তোলে যে তেওঁ তিনিজন যাত্ৰীৰ পৰা আসন সংৰক্ষণৰ বাবদ ৫০ টকা ঘোচ বিচাৰিছিল। এই অভিযোগৰ পিছত বিভাগীয় তদন্ত আৰম্ভ হয় আৰু ১৯৯৬ চনত তেওঁক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হয়। সেই মুহূৰ্তত এগৰাকী সৎ কৰ্মচাৰীৰ জীৱনৰ সম্পূৰ্ণ ৰূপে পৰিৱৰ্তন ঘটায়।

চাকৰি হেৰুওৱাৰ পিছত সৌদাগৰে নিজৰ ন্যায়ৰ বাবে কেন্দ্ৰীয় প্রশাসনিক আদালত (CAT)ত আবেদন কৰে। ২০০২ চনত CAT-এ কৈছিল যে অভিযোগ প্ৰমাণ কৰিবলৈ কোনো দৃঢ় প্ৰমাণ নাই, সেয়ে তেওঁৰ চাকৰি পুনৰুদ্ধাৰ হ’ব লাগে। কিন্তু ৰেলৱে সেই ৰায়ক বোম্বে উচ্চ ন্যায়ালয়ত চেলেঞ্জ কৰে। বহু বছৰ ধৰি গোচৰটো তাতেই ৰৈ থাকে আৰু এই সময়ছোৱাতেই সৌদাগৰৰ মৃত্যু হয়। তথাপিও পৰিয়ালে আশা নেহেৰুৱাকৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰে।

সৰ্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বেঞ্চে সকলো নথিপত্ৰ বিস্তাৰিতভাৱে পৰ্যালোচনা কৰি কয় যে তদন্ত অসম্পূৰ্ণ আছিল। অভিযোগ কৰা যাত্ৰীৰ সাক্ষ্য বিশ্বাসযোগ্য নহয়— এজনৰ সাক্ষ্য লোৱা হোৱা নাছিল আৰু বাকী দুজনে ঘোচ লোৱাৰ বিষয়টো নিশ্চিত কৰিছিলো নে নাই। আদালতে এইটোও কয় যে সৌদাগৰে কেৱল যাত্ৰীসকলক কৈছিল যে তেওঁ আন কোচ পৰীক্ষা কৰি আহিলেই তেওঁলোকৰ টকা ঘূৰাই দিব, যি ৰেলৱেৰ স্বাভাৱিক প্ৰক্ৰিয়া। এই আধাৰত আদালতে কৈছে যে বহিষ্কাৰ কৰা সিদ্ধান্ত বেআইনী আৰু অন্যায়।

ৰায়ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সৌদাগৰৰ পৰিয়ালৰ সকলো বকেয়া ধন, পেঞ্চন আৰু গ্ৰেচুইটি তৎক্ষণাৎ প্ৰদান কৰিব লাগিব। আদালতে কৈছে— কোনো কৰ্মচাৰীৰ বিৰুদ্ধে যদি দৃঢ় প্ৰমাণ নাথাকে, তেনেহ’লে কেৱল সন্দেহৰ আধাৰত শাস্তি দিয়াটো ন্যায় নহয়, অন্যায়।

ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ

You might also like