নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত সেনা অসমৰ শিমলুগুৰিৰ সচিব বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ

বিভিন্ন সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমযোগে মাত মাতি আহিছিল

বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত শিমলুগুৰি-ধলপুৰ আঞ্চলিক সমিতিৰ সচিব বিকাশ বুঢ়াগোঁহাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কালি সন্ধিয়া জেল-হজোতলৈ প্ৰেৰণ কৰে।

২৭ অক্টোবৰৰ নিশা প্রায় ১০.৩০ বজাত লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাপুৰ গাঁৱৰ যুৱক তথা বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোঁহাইক বিহপুৰীয়া আৰক্ষীৰ এটা দলে নিজ গৃহৰ পৰাই আটক কৰি আনি উক্ত ৰাতিটোৰ লগতে কালি দিনটো থানাতে ৰাখি সোধাপোছাৰ অন্তত সন্ধিয়া গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, বিকাশ বুঢ়াগোহাঁয়ে বিভিন্ন সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমযোগে মাত মাতি আহিছিল। অৱশেষত সামাজিক মাধ্যমত চৰকাৰৰ বিৰুদ্ধে মাত মতাই কাল হ’ল  নেতাজনৰ।

ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ

You might also like