বিজনীত গৰু চুৰিৰ সন্দেহত মৰেল পুলিচিং, যুৱকৰ মৃত্যু
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ
বিজনীৰ দাৱাগুৰিত গৰু চুৰিৰ সন্দেহত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মৰেল পুলিচিঙৰ ভিডিঅ’। গৰু চুৰিৰ সন্দেহত পাচঁজন যুৱকক হাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে গাঁৱৰ একাংশ লোকে।
পিছত ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ যুৱককেইজনক উদ্ধাৰ কৰি কাজলগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
পাঁচজন যুৱকৰ ভিতৰত দেওতাৰী নিবাসী ছানিদুল ইছলাম নামৰ যুৱকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত যুৱকজনৰ স্বাস্থ্যৰ অতি অৱনতি হোৱাত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। অৱশেষত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ। উক্ত ঘটনাক কেন্দ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনা সংক্ৰান্তত ছানিদুল ইছলামৰ পৰিয়ালে পাণবাৰী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি মডেল পুলিচিঙৰ লগত জড়িত থকা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ১ নৱেম্বৰ