নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাতক বিকাশ অসমক গ্ৰেপ্তাৰ, ৰৈ ৰৈ বিনালে চাই দিছপুৰ থানাত আত্মসমৰ্পণ

বিকাশ অসমে মুখত ক’লা কাপোৰ বান্ধি জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰিছিল

‘ৰৈ ৰৈ বিনালে’ চাব লগে লগে ফেচবুকত পোষ্ট — দিছপুৰ আৰক্ষীৰ জালত বিকাশ অসম

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত সেনা অসমৰ কামৰূপ মহানগৰ জিলাৰ সচিব বিকাশ অসমক।

সূত্র অনুসৰি, বিকাশ অসমে মুখত ক’লা কাপোৰ বান্ধি জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰিছিল আৰু ছবিখন চোৱাৰ লগে লগে ফেচবুকত বিকাশ অসমে পোষ্ট দিয়াত ভাইৰেল হৈ পৰে।

তাৰ পিছতে বিকাশ অসমে দিছপুৰ থানাত হাজিৰ হয় আৰু দিছপুৰ আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰি বিকাশ অসমক গ্ৰেপ্তাৰ কৰে।

বিকাশ অসম কিছুদিন ধৰি পলাতক অৱস্থাত আছিল। বৰ্তমান তেওঁ দিছপুৰ থানাৰ জিম্মাত আছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like