নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰ

বজালীৰ বেলনাত আজি সংঘটিত হয় এটা হৃদয়বিদাৰক পথ দুৰ্ঘটনা। ঘটনাস্থলীতেই ১৩ বছৰীয়া ছাত্ৰ সুমন তালুকদাৰৰ মর্মান্তিক মৃত্যু হয়।

প্ৰত্য়ক্ষদৰ্শীৰ বৰ্ণনা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত কৰে টেক্টৰ চালক সত্যজিৎ কলিতাই, আৰু ঘটনাৰ পাছতেই চালকজনে সেই স্থানৰ পৰা পলাই যায়।

আহতক তৎক্ষণাত পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত লৈ যোৱা হয়। ঘটনাস্থলীত উপস্থিত হয় পাঠশালা আৰক্ষীৰ শীৰ্ষ বিষয়া।

ইফালে, এই মর্মান্তিক ঘটনাৰ পিছত পৰিবহণ বিভাগৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে, আৰু এলেকাত যথাযথ পথ নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like