নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডংকামোকামত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পুত্তলিকা দাহ

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ কাৰ্বি আংলং জিলা ভ্ৰমণক লৈ সৰৱ হৈ পৰিছে কাৰ্বি আংলং জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা আৰু মণ্ডল সমিতি।

গৌৰৱ গগৈৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত যুৱ মৰ্চা আৰু মণ্ডল সমিতিয়ে গগৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে কালি খেৰণিৰ Road Show কাৰ্যসূচীত অংশ লৈ সভাপতিগৰাকীয়ে ২০২৬ৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙে ছিংগাপুৰলৈ গুচি যাব বুলি কোৱা টুলুঙা মন্তব্যৰ বিৰোধ কৰি যুৱ মৰ্চাই কয় যে খিলঞ্জীয়া অসমীয়াক গগৈয়ে ছিংগাপুৰ খেদিব নোৱাৰে, তেওঁ নিজেই পাকিস্তানৰ এজেন্ট হোৱা বাবে পাকিস্তানলৈ তেওঁহে যাব লাগিব।

ইফালে অসমৰ সীমান্ত অঞ্চলৰ ভূমি চুবুৰীয়া ৰাজ্যক অৰ্পণ কৰা বুলি গগৈয়ে অনা অভিযোগ প্ৰত্যাখ্যান কৰি বিষয়ববীয়া সকলে কয় যে মুখ্য মন্ত্ৰী আৰু চি ই এমে সীমা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত সফলতাৰ আগ বাঢ়িছে। গগৈয়ে সমগ্ৰ প্ৰক্ৰিয়াটোকে ৰাজনৈতিকৰণ কৰি ৰাইজক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰ সহ্য কৰা নহ’ব।

ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ

You might also like