মাংগলিক কাৰ্যসূচীৰে নগৰবেৰাত ৯৩ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৪ নৱেম্বৰ : কামৰূপৰ নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বৃহত্তৰ নগৰবেৰাবাসী ৰাইজৰ সহযোগত নগৰবেৰা ৰাস ময়দানত ১৫ দিনীয়া বৰ্ণাঢ্য ধৰ্মীয়-সাংস্কৃতিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় পষেকদিনীয়া ৰাস মহোৎসৱৰ | সেই উপলক্ষে নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই পুৱা দহ বজাত নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ মূল দ্বাৰ মুকলি কৰি ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে।
পৰৱৰ্তী সময়ত উদযাপন সমিতিৰ সভাপতি দীনেশ কলিতাই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে নগৰবেৰা অঞ্চলৰ ৯৩গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৯৩খনকৈ পতাকা উত্তোলন কৰি মহোৎসৱৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় | ১১ বজাত স্মৃতি তৰ্পণ কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মেধিয়ে । পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মণিৰাম বৈশ্যই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ ১৫ দিনীয়া ধৰ্মীয় আৰু সাংস্কৃতিক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত বৃহত্তৰ নগৰবেৰাৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সভাপতি দীনেশ কলিতা আৰু কাৰ্যকৰী সম্পাদক ৰাতুল মেধিয়ে |