বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিও ৰেংকিঙত পিছুৱালে স্মৃতি মান্ধানা
দক্ষিণ আফ্ৰিকাৰ অধিনায়িকা লোৰা ৱুলভাৰ্ড এতিয়া নম্বৰ ১ স্থানত অধিষ্ঠিত
ভাৰতীয় তাৰকা বেটছমেন স্মৃতি মন্ধানাই মহিলা ৱৰ্ল্ড কাপৰ পিছত এটা ডাঙৰ আঘাত সহ্য কৰিব লগা হৈছে। স্মৃতিয়ে সম্পূৰ্ণ টুৰ্ণামেণ্টত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছিল আৰু ফাইনেলত ৪৫ ৰানৰ এটা উল্লেখযোগ্য ইনিংছ খেলিছিল। তেওঁৰ এই ইনিংছে চেফালি বাৰ্মাৰ সৈতে দলক এটা শক্তিশালী আৰম্ভণি দিয়াত সহায় কৰিছিল।
স্মৃতি মান্ধানা ভাৰতৰ হৈ ৱৰ্ল্ড কাপৰ আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ হিচাপেও পৰিচিত হৈছিল। কিন্তু এই উজ্জ্বল প্ৰদৰ্শনৰ পিছতো সৰ্বশেষ আইচিচি এদিনীয়া ৰেংকিঙত তেওঁ ১ নম্বৰ স্থানৰ পৰা অৱনমিত হৈছে। এতিয়া স্মৃতি ২ নম্বৰ স্থানত আছে। আনহাতে দক্ষিণ আফ্ৰিকাৰ অধিনায়িকা লোৰা ৱুলভাৰ্ড এতিয়া নম্বৰ ১ স্থানত অধিষ্ঠিত।
স্মৃতি মান্ধানা বহুদিন ধৰি এদিনীয়া বেটিং ৰেংকিঙত নম্বৰ ১ স্থানত আছিল। কিন্তু এতিয়া তেওঁ ৮১১ ৰেটিং পইণ্টসহ দ্বিতীয় স্থানলৈ নামিছে। ৱৰ্ল্ড কাপত আটাইতকৈ বেছি ৰান কৰা খেলুৱৈসকলৰ মাজতো স্মৃতি দ্বিতীয় স্থানত আছিল। তেওঁ ৯টা খেলত ৫৪.২৫ৰ গড়তে ৪৩৪ ৰান সংগ্ৰহ কৰিছিল আৰু ভাৰতৰ হৈ সৰ্বাধিক ৰান কৰা খেলুৱৈ আছিল।
২০২৫ৰ মহিলা ৱৰ্ল্ড কাপত দক্ষিণ আফ্ৰিকাৰ অধিনায়িকা লোৰা ৱুলভাৰ্ডে আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰিছিল আৰু ৮১৪ ৰেটিং পইণ্টসহ আইচিচি এদিনীয়া বেটিং ৰেংকিঙত নম্বৰ ১ স্থানত গৈছে। ফাইনেল খেলত ভাৰতৰ বিপক্ষে লোৰাই শতকৰ ইনিংছ খেলিছিল।
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ