নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী-ৰ ৰাসত অন্যতম আকৰ্ষণ ২৫ ফুট উচ্চতাৰ জুবিনৰ প্ৰতিমূৰ্তি

এইবেলি উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱলৈ অহাৰ কথা আছিল অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ

ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱৰ এইবাৰৰ অন্যতম আকৰ্ষণ ২৫ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। কেৱল এয়ে নহয় জুবিনৰ বিভিন্ন সময়ৰ আপুৰুগীয়া আলোকচিত্ৰ সম্বলিত প্ৰায় শতাধিক হৰ্ডিং অনা হৈছে ৰাস উৎসৱলৈ।

ক’বলৈ গ’লে জুবিনময় হৈ পৰিছে উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱস্থলী। এইবেলি উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱলৈ অহাৰ কথা আছিল অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ। জুবিনৰ সংগীতানুষ্ঠানৰ বাবে সাজু হৈ আছিল উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱ সমিতি।

কিন্তু জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুত ম্ৰিয়মাণ ৰাস মহোৎসৱৰ বিষয়ববীয়া। যাৰ বাবে জুবিনৰ প্ৰতিমূৰ্তি, ছবি আৰু সংগীতেৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ প্ৰয়াস কৰিছে উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱ সমিতিয়ে।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like