নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ক’ৰোনাৰ আতংকই বিৰাজ কৰি থকাৰ সময়তে শেহতীয়াভাৱে অহা এটা খবৰে চিন্তিত কৰিছে সকলোকে । মহাৰাষ্ট্ৰৰ একেটা পৰিয়ালৰে ২৫ জন সদস্যৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ।
মহাৰাষ্ট্ৰৰ সেই বিশেষ জিলাখনৰ জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি পৰিয়ালটোৰ ৪ জন সদস্যই শেহতীয়াভাৱে ছৌদি আৰৱৰ পৰা উভতি আহিছিল । ২৩ মাৰ্চত পৰিয়ালটোৰ এই চাৰিওজন সদস্যৰ শৰীৰতে পোহৰলৈ আহিছিল ক’ৰোনাৰ ভাইৰাছৰ উপস্থিতি । ইয়াৰ পাচতেই মাত্ৰ এটা সপ্তাহৰ ব্যৱধানত পৰিয়ালটোৰ আন ২১ জন সদস্যৰ শৰীৰতো ধৰা পৰে মহামাৰী ক’ৰোনা । আক্ৰান্ত সকলৰ মাজত আছে ২ বছৰীয়া শিশু ।
জিলা প্ৰশাসনে জনোৱা অনুসৰি দিনটোৰ ২৪ ঘণ্টাৰ অধিকাংশই আছিল এজন আনজনৰ সংস্পৰ্শত । অৱশ্যে পৰিয়ালটোৰ বাহিৰে আন কোনো লোকৰ শৰীৰলৈ সংক্ৰমিত হোৱাৰ খবৰ বৰ্তমানলৈকে নাই । পৰিয়ালটোৰ প্ৰতিজন সদস্যকে এতিয়া ভিন্ন হাস্পতালত ভৰ্তি কৰা ৰখা হৈছে ।
জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি , পৰিয়ালটোৰ চাৰিজন সদস্য ছৌদি আৰৱৰ পৰা উভতি অহাৰ পাচতেই তেওঁলোকৰ পৰীক্ষা কৰা হোৱা নাছিল । হোম কোৱাৰেণ্টাইনতো থকা নাছিল লোককেইজন । কিন্তু সন্দেহবশত প্ৰশাসনে চাৰিওজনৰে পৰীক্ষা কৰোৱা অন্তত পোহৰলৈ আহে এই কথা । সমগ্ৰ গাঁওখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এইকেইজন ঘূৰি ফুৰাৰ লগতে পৰিয়ালটোৰ আন সদস্যসকলে যিসকলৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ মুঠ ৩২৫ জন সদস্যক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ।