নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাৰ সন্ত্ৰাস… নিৰাপত্তা বিচাৰি সৰুপথাৰ সমজিলা সীমান্ত দণ্ডাধীশলৈ পত্ৰ টেঙাতলবাসীৰ

নিয়মীয়া বার্তা, চুঙাজান, ৮ নৱেম্বৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান টেঙাতল গাঁৱত যোৱা ২ অক্টোবৰত নিশা নগাই অগ্নিসংযোগ আৰু গুলীবৰ্ষণেৰে ভয়ংকৰ আক্ৰমণ চলাই ৯৩টাকৈ ঘৰত অগ্নিসংযোগ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এতিয়া পুনৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে গাঁওবাসীক। এইবাৰ টেঙাতলবাসী জনসাধাৰণক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে শুকাই বস্তিৰ শ্বেয়াৰমেন আৰু নাগালেণ্ডৰ আই আৰ বি বাহিনীয়ে। এই অভিযোগ কৰিছে টেঙাতল গাঁওবাসীয়ে।

গাঁওখনৰ লোকে জনোৱা মতে, আজি কিছুদিনৰ পৰা গাঁওখনৰ লোকসকলে ওলাই যাব নোৱাৰা হৈছে বাহিৰলৈ। ওলাই গলেই প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰে নগাই। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰী, ৰোগীৰ দৰব আনিবলৈও যাব নোৱাৰা অৱস্থা হৈছে গাঁওবাসীৰ। প্ৰাণৰ শংকাত ভুগি দিন অতিবাহিত কৰিবলগীয়া হৈছে টেঙাতল গাঁওবাসীয়ে। গাঁওবাসীয়ে নিৰাপত্তা বিচাৰি সৰুপথাৰ সমজিলা সীমান্ত দণ্ডাধীশৰ লগতে সীমান্তত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চি আৰ পি এফলৈ পত্ৰ লিখিছে ৰাইজে। গাঁওখনত অগ্নিসংযোগ কৰাৰ ৩৮টা দিন পাৰ হ’ল, কিন্তু আজিলৈকে ঘটনাৰ সৈতে জড়িত কোনো নগা লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট প্ৰশাসনে। ঘটনাৰ পিছদিনাই উক্ত স্থানত গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত হৈ গঠন কৰিছিল ৮ জনীয়া এখন তদন্ত কমিটী। কিন্তু ঘটনাৰ ৩৮ দিন পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে দোষীক চিনাক্ত কৰিব পৰা নাই তদন্ত কমিটীয়ে।

সীমান্তবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অঞ্চলটোৰ টেঙাতল আৰু ৰজাপুখুৰী গাঁৱত অতিৰিক্তভাৱে চি আৰ পি এফৰ দুটা অস্থায়ী শিবিৰ স্থাপনৰ ব্যৱস্থা কৰিছিল। টেঙাতল গাঁৱৰ ৯৩টাকৈ গৃহত অগ্নিসংযোগ কৰাৰ পিছত পুনৰ যাতে আৰু কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সকলোকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনে আহ্বান জনোৱাৰ পিছতো কাৰ সাহসত বলীয়ান হৈ টেঙাতল গাঁৱৰ নিচেই কাষতে থকা শুকাই বস্তিৰ শ্বেয়াৰমেন আৰু নাগালেণ্ডৰ আই আৰ বি বাহিনীয়ে গাঁওবাসীক গুলীয়াই প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰিছে? গাঁওখনৰ জনসাধাৰণে এতিয়াও ৰাতি ঘৰত থাকিব পৰা পৰিৱেশ নাই। ৰাইজৰ দাবী- সীমান্ত অঞ্চলত উচ্ছেদৰ সময়তে টেঙাতল গাঁৱৰ নিচেই কাষতে কেম্প পাতি থকা নাগালেণ্ডৰ আই আৰ বি বাহিনীক সেই স্থানৰ পৰা উঠাই নিয়াৰ লগতে গাঁওবাসীক নিৰাপত্তা প্ৰদান কৰিবৰ বাবে গোলাঘাট প্ৰশাসনক দাবী জনায়। অন্যথা ২ অক্টোবৰৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকাশ কৰিছে গাঁওবাসীয়ে।

You might also like