নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলন ২০২৫ত ৰূপৰ বঁটা লাভ বৰ্ণালী মহনৰ

বিশেষ বাৰ্তা, ডিব্ৰুগড, ৮ নৱেম্বৰ : অসমৰ গৌৰৱ বৃদ্ধি কৰি ডিব্ৰুগড়ৰ ডিকম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী বৰ্ণালী মহনে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলন (NTSC–2025)ত ৰূপৰ বঁটা লাভ কৰিছে। সন্মিলনখন এন এইচ গোৱেল ৱৰ্ল্ড স্কুল, ৰায়পুৰত অনুষ্ঠিত হৈছিল।

তথ্য অনুসৰি, তেওঁৰ Neuro-Linguistic Programming (NLP) আৰু CEMR মডেলৰ সংযোজনেৰে বিজ্ঞান শিক্ষাক অধিক আকৰ্ষণীয় আৰু কাৰ্যকৰী কৰাৰ নতুন পদ্ধতিৰ প্ৰস্তাৱ NEP 2020-ৰ সৈতে সংগতি ৰাখি বিশেষ প্রশংসা লাভ কৰে। তেওঁ এই কাৰ্য ড০ জিতু ৰঞ্জন চেতিয়া, ৰসায়ন বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰামৰ্শত সম্পন্ন কৰিছিল। NOSTC, প্ৰশংসা ফাউণ্ডেচন আৰু SAC–ISRO-ৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনখনত ২৯খন ৰাজ্যৰ মুঠ ১৫৭জন শিক্ষকে অংশগ্ৰহণ কৰিছিল।

কৃতজ্ঞতা প্ৰকাশ কৰি বৰ্ণালী মহনে তেওঁৰ পথ প্ৰদৰ্শক ড০ জিতু ৰঞ্জন চেতিয়া, ড০ সমীৰণ বৰুৱা, বিদ্যালয় পৰিদৰ্শক, ডিব্ৰুগড়ৰ লগতে নিজৰ পৰিয়াল, শুভাকাংক্ষী আৰু ছাত্র-ছাত্ৰীসকলক তেওঁলোকৰ অনুপ্ৰেৰণা আৰু সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

You might also like