সাৱধান! পশ্চিমবংগত বিবাহ অনুষ্ঠানত ক’ৰোনা দ্বাৰা সংক্ৰমিত হ’ল ৩জন
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ পশ্চিমবংগত বিবাহ অনুষ্ঠানত ক’ৰোনা বিস্তাৰৰ অন্যতম কাৰক হোৱা বুলি চিহ্নিত কৰিছে স্বাস্থ্য বিভাগে। পূব মিডনাপুৰত এই বিবাহ অনুষ্ঠানত পাঁচ শতাধিক লোক সমবেত হৈছিল। ইয়াৰে ৩গৰাকী ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ১৫ মাৰ্চত আয়োজিত এই বিবাহ অনুষ্ঠানত উপস্থিত থকা অন্য লোকসকলক ইতিমধ্যে নিজ নিজ বাসগৃহত আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ দিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে। আক্ৰান্ত লোককেইগৰাকীৰ বয়স ৭০ বছৰৰ ওপৰত। এই বিবাহ অনুষ্ঠান ৰাজ্য়খনৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে বুলিও ঘোষণা কৰিছে। উল্লেখনীয় যে বিবাহ অনুষ্ঠানত উপস্থিত আছিল ব্ৰিটেইন আৰু ছিংগাপুৰৰ পৰা অহা দৰাৰ পিতৃৰ চাৰিগৰাকী বন্ধু। সেইদৰে ওড়িশা, তেলেংগানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত কেইবাগৰাকীও অতিথি এই বিবাহ অনুষ্ঠানত উপস্থিত আছিল।