নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপ্লৱী হত্যাকাণ্ড : জগত সিঙৰ দুই পুত্ৰক গ্ৰেপ্তাৰ, ফাৰ্মাচিষ্ট-টেম্পোচালকক আটক

তিতাবৰ থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিযুক্তি দিয়া হৈছে। দীপাংকৰ গগৈক তাৎক্ষণিকভাৱে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে

এটা গুৰুত্বপূর্ণ ঘটনাত আৰক্ষীয়ে জগত সিঙৰ দুই পুত্ৰ কৃষণ সিঙ আৰু জীৱন সিঙক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটিৰ সৈতে সম্পৰ্কিত মেলামাটিৰ ৰেকিবুদ্দিন আহমেদ নামৰ এজন ফাৰ্মাচিষ্টকো আৰক্ষীয়ে আটক কৰে।

ইয়াৰ উপৰি তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে এজন টেম্পোচালককো সোধাপোচাৰ বাবে থানাত লৈ গৈছে। সূত্ৰ মতে, ঘটনাটোত সংগঠিত জালৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে সন্দেহজনক কিছু গুৰুত্বপূর্ণ তথ্য সংগ্ৰহ কৰা হৈছে।

আৰক্ষী সূত্ৰে জনায়, ঘটনা সম্পৰ্কে গভীৰ তদন্ত চলি আছে আৰু আগন্তুক সময়ত অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনাও নাকচ কৰিব নোৱাৰি।

উল্লেখ্য যে চাৰি দিনে সন্ধানহীন হৈ থকা বিপ্লৱী দাস নামৰ এগৰাকী যুৱতীৰ মৃতদেহ আজি উদ্ধাৰ হয়। জগত সিং নামৰ এজন লোকৰ দোকানৰ শৌচাগাৰৰ টেংকীত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। জগত সিঙে ছাত্ৰীগৰাকীক হত্যা কৰি টেংকীত লুকুৱাই ৰাখিছিল মৃতদেহ। বিপ্লৱী দাস ৭ মহীয়া অন্তঃসত্ত্বা আছিল বুলি জানিব পৰা গৈছে। মন কৰিবলগা যে জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

ইফালে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী আছিল বিপ্লৱী দাস। বিপ্লৱীৰ ঘৰ তিতাবৰ শিলিখাবাৰীত। ৭ নৱেম্বৰত কলেজলৈ আহি থকাৰ পথতে সন্ধানহীন হৈছিল বিপ্লৱী দাস। তিতাবৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল পৰিয়ালে। কিন্তু তিনি দিনে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ৰাইজ ক্ষুব্ধ হৈ কালি তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে যুৱতীগৰাকীৰ সন্ধানত অধিক তৎপৰ হৈ পৰিছিল আৰক্ষী।‌ আজি বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰ পিছতে তিতাবৰৰ ৰাজপথত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়, মহাবিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী আৰু তিতাবৰৰ বহুসংখ্যক ৰাইজে ৰাজপথ অৱৰোধ কৰি বিপ্লৱী দাসৰ ন্যায়ৰ দাবী তোলে। ক্ষুব্ধ ৰাইজে তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰিও পৰিস্থিতি উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰীৰ সৈতে হতাহতি হয় আৰক্ষীৰ।

আনহাতে বৰ্তমানেও স্তব্ধ হৈ আছে তিতাবৰৰ ৰাজপথ।

ইফালে পৰিস্থিতি উতপ্ত হৈ থকাৰ মাজতে তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লজ কৰা হয়। তিতাবৰ থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিযুক্তি দিয়া হৈছে। দীপাংকৰ গগৈক তাৎক্ষণিকভাৱে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পূৰ্বে যোৰহাটৰ যান-বাহন আৰক্ষী বিষয়া আছিল দীপাংকৰ গগৈ।

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ

You might also like