নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক। বাংলাদেশৰ আদালতে পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক নিৰস্ত্ৰ নাগৰিকৰ ওপৰত গুলীচালনা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰিছে। উল্লেখ্য যে ২০২৪ চনত হিংসাত্মক ঘটনাত প্ৰাণ গৈছিল প্ৰায় ১৪০০ সাধাৰণ জনতাৰ। এই হিংসাত্মক ঘটনাৰ মাষ্টাৰমাইণ্ড শ্বেইখ হাছিনা আছিল বুলি প্ৰমাণ হোৱাত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে।

উল্লেখ্য যে শ্বেইখ হাছিনাই প্ৰতিবাদীক দমন আৰু হত্যা কৰাৰ বাবে মাৰাত্মক অস্ত্ৰ আৰু ড্রোন ব্যৱহাৰ কৰাৰ আদেশ দিয়াৰ দৰে গুৰুতৰ অপৰাধৰ বাবে তেওঁক ফাঁচীৰ আদেশ দিয়া হৈছে। আদালতে ৰায়ত এইটোও কয় যে শ্বেইখ হাছিনা আৰু তেওঁৰ সহযোগীসকলৰ আদেশতেই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। আদালতে মুঠ ৫৪জন সাক্ষীৰ বক্তব্য শুনিছে আৰু কয় যে এই সংখ্যা যথেষ্ট। দেশজুৰি লাভ কৰা প্ৰমাণ আৰু বিভিন্ন উৎসৰ পৰা লাভ কৰা অতিৰিক্ত প্ৰমাণো পৰীক্ষা কৰা হয়। মুখ্য ন্যায়াধীশে শুনানিৰ সময়ত কয় যে শ্বেইখ হাছিনাই প্ৰতিবাদী ছাত্ৰ আৰু অন্যান্য নাগৰিকক হত্যা কৰাৰ আদেশ দিয়ে, যাৰ ফলত বিৰোধী প্ৰদৰ্শন অধিক উত্তপ্ত হৈ পৰে।

বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বিৰুদ্ধে এই ৰায় শুনায়। বিগত বছৰৰ ছাত্ৰ আন্দোলনৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে তেওঁৰ বিৰুদ্ধে এই গোচৰ চলিছিল। এই আন্দোলনৰ বাবেই হাছিনাৰ আৱামী লীগ পাৰ্টীৰ চৰকাৰৰ পতন হৈছিল।

You might also like