ৰাছিয়াৰে বাণিজ্যৰ পৰিণাম ‘ভয়ানক শাস্তি’, বিশ্বৰ দেশসমূহলৈ ভাবুকি
নিউজ ডেস্ক, ১৮ নৱেম্বৰ : নিজৰ দমনকাৰী চৰিত্র পুনৰ প্রকট কৰিছে মার্কিন প্রশাসনে৷ নিজৰ প্রভুত্ব বিস্তাৰৰ বাবে পূর্বৰ দৰে পুনৰ ট্রাম্প প্রশাসনে অতিৰিক্ত শুল্ক আৰোপৰ পাং পাতিছে৷ এই সংক্রান্তত কংগ্রেছত এখন বিধেয়ক উত্থাপন কৰিছে মার্কিন ছিনেটৰ লিণ্ডছে গ্রাহামে৷ এই বিধেয়কখনত ৰাছিয়াৰ তেল দ্বিতীয়বাৰ কিনা আৰু পুনৰ বিক্রী কৰাৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ প্রস্তাৱ দিয়া হৈছে৷ ৰাছিয়াৰ সৈতে বাণিজ্য কৰিলে তাৰ পৰিণামস্বৰূপে ভয়ানক শাস্তি প্রদান কৰাৰ ইংগিত দিয়া হৈছে এই বিধেয়কখনত৷
এই সূত্রে ৰাছিয়াৰ সৈতে বাণিজ্য কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্কৰ বোজা জাপি দিয়া হ’ব পাৰে বুলি সাৱধানবাণী শুনাইছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এই সন্দর্ভত ৰাষ্ট্রপতিগৰাকীয়ে জনায় যে মস্কোৰ সৈতে এতিয়াও বাণিজ্যিক লেনদেন চলাই থকা দেশসমূহৰ ওপৰত শীঘ্রে ৫০০ শতাংশ শুল্ক আৰোপ কৰিব পাৰে আমেৰিকা যুক্তৰাষ্ট্রই৷ এইক্ষেত্রত সুকীয়া আইন প্রণয়নৰ কথাও ভবা–চিন্তা কৰা হৈছে৷ ট্রাম্পে কয়- ‘ৰিপাব্লিকান আইন প্রণেতাসকলে এখন কঠোৰ আইন যুগুত কৰিছে৷ তেওঁলোকে এই কাম কৰা আমি শুনিছোঁ আৰু আমি তেওঁলোকৰ সৈতে একমত৷ ৰাছিয়াৰ সৈতে বাণিজ্য কৰা যিকোনো দেশৰ ওপৰতেই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷ ইয়াৰ সৈতে ইৰানকো জড়িত কৰা হ’ব পাৰে৷ আমিয়েই এই পৰামর্শ দিছোঁ৷’
ৰাষ্ট্রপতিগৰাকীয়ে লগতে জনায় যে মূলতঃ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ ওপৰত চাপ সৃষ্টি কৰাৰ উদ্দেশ্যেই লোৱা হৈছে এই পদক্ষেপ৷ মার্কিন ছিনেটৰগৰাকীয়ে উত্থাপন কৰা বিধেয়কখন সন্দর্ভত বৈদেশিক সম্পর্ক বিষয়ক কমিটীয়ে সর্বসন্মতভাৱে সমর্থন জনাইছে৷ বিধেয়কখন আইনত পৰিণত হ’লে তাৰ নাম দিয়া হ’ব ‘ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আইন–২০২৫’ (ছেংচনিং ৰাছিয়া এক্ট–২০২৫)৷
উল্লেখযোগ্য যে ৰাছিয়াৰ পৰা তেল ক্রয় কৰাৰ ‘শাস্তি’ হিচাপে মার্কিন প্রশাসনে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০ শতাংশ শুল্ক, যিটো অন্যান্য দেশৰ তুলনাত বহু বেছি৷