নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত পুনৰ আক্রমণ ইজৰাইলী সেনাৰ, নিহত ২২

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : শান্তি চুক্তি উলংঘা কৰি গাজাত পুনৰ আক্রমণ চলালে ইজৰাইলে৷ এই আক্রমণৰ ঘটনাত কমেও ২২জন লোক নিহত হোৱাৰ লগতে আহতৰ সংখ্যা হৈছেগৈ ৮৭জন৷ নিহতসকলৰ মাজত কেইবাটিও শিশু আছে৷ এই দাবী কৰা হৈছে হামাছৰ তৰফৰ পৰা৷ তাৰ বিপৰীতে ইজৰাইলে দাবী কৰিছে যে তেওঁলোকৰ এই আক্রমণত হামাছৰ ৫জন নেতাৰ মৃত্যু ঘটিছে৷

উল্লেখযোগ্য যে যোৱা মাহতো শান্তি চুক্তি উলংঘা কৰি ইজৰাইলে গাজাৰ ওপৰত আক্রমণ চলাইছিল৷ প্রকাশিত বাতৰি মতে, উত্তৰ তথা মধ্য গাজাৰ বিভিন্ন এলেকাত ধাৰাবাহিক আক্রমণ চলাইছিল ইজৰাইলী সেনাই৷ এই আক্রমণত বিধ্বস্ত হৈছে বহু ঘৰ–বাৰী৷ মৃত্যু হৈছে কমেও ২২জন লোকৰ৷ তেওঁলোকৰ ভিতৰত অধিকাংশই শিশু আৰু মহিলা বুলি কোৱা হৈছে৷ ইজৰাইলে অভিযোগ কৰিছে যে এই আক্রমণৰ ক্ষেত্রত ইজৰাইলে চুক্তি ভংগ কৰা নাই৷ তেওঁলোকৰ মতে ইজৰাইলৰ সেনা বাহিনীক লক্ষ্য কৰি এদল উগ্রপন্থীয়ে গুলীবর্ষণ কৰাত তাৰ প্রত্যুত্তৰত তেওঁলোকে এই আক্রমণ চলায়৷ এই আক্রমণৰ নেপথ্যত হামাছৰ হাত আছে বুলি ইজৰাইলৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ উগ্রপন্থী সংগঠনৰ আক্রমণৰ প্রত্যুত্তৰত এই প্রত্যাক্রমণ চলায় ইজৰাইলৰ সেনা বাহিনীয়ে৷

উল্লেখযোগ্য যে যোৱা মাহত মার্কিন ৰিপ’ৰ্টৰ ভিত্তিত গাজাত আক্রমণ চলাইছিল ইজৰাইলী সেনাই৷ এই ৰিপ’ৰ্টত কোৱা হৈছিল যে ইজৰাইলৰ বিৰুদ্ধে হামাছে গোপন ষড়যন্ত্র চলাইছে৷ এই তথ্যৰ ভিত্তিতে গাজাৰ ওপৰত আক্রমণ চলায় ইহুদী দেশখনে৷ পৰৱর্তী সময়ত মার্কিন গৃহ বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছিল যে পেলেষ্টাইনৰ সাধাৰণ নাগৰিকৰ ওপৰত এই পৰিকল্পিত আক্রমণে দুয়োখন দেশৰ মাজৰ যুদ্ধবিৰতি চুক্তিকে পোনপটীয়াকৈ উলংঘা কৰিছে৷ দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধ ৰোধ কৰাৰ বাবে মধ্যস্থতাৰ জৰিয়তে যি অগ্রগতি সাধিত হৈছে তাক এনেধৰণৰ পদক্ষেপে ব্যাহত কৰিব পাৰে৷ ৰিপ’ৰ্টত হামাছক সাৱধান কৰি দি কোৱা হৈছে যে যদিহে হামাছে এই আক্রমণ চলাই যায় তেনেহ’লে গাজাৰ জনসাধাৰণ তথা যুদ্ধবিৰতি ৰক্ষাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ অৱশ্যে এই বিবৃতিত স্পষ্ট কৰি কোৱা হোৱা নাই যে ইয়াৰ উত্তৰত হামাছৰ বিৰুদ্ধে আমেৰিকাই কি ব্যৱস্থা গ্রহণ কৰিব৷

You might also like