টি–২০ বিশ্বকাপৰ সূচী ঘোষণা, ১৫ ফেব্রুৱাৰীত ভাৰত-পাকৰ মহাৰণ
নিউজ ডেস্ক, ২৬ নৱেম্বৰ : দীর্ঘদিনীয়া অপেক্ষাৰ অন্ত৷ অহা বর্ষত হ’বলগীয়া টি–২০ বিশ্বকাপৰ সূচী ঘোষণা কৰিলে আইচিচিয়ে৷ ২০২৬ বর্ষৰ ৭ ফেব্রুৱাৰীৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব৷ ৮ মার্চত ফাইনেল মেচখন খেলোৱা হ’ব৷ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ৭ ফেব্রুৱাৰীত আমেৰিকাৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷
ইপিনে, বিশ্ববাসীৰ বহু প্রতীক্ষিত ভাৰত-পাকিস্তানৰ মেচখন ১৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ অৱশ্যে এই মেচখন কলম্বোত অনুষ্ঠিত হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত একেটা গ্রুপতে ৰখা হৈছে ভাৰত আৰু পাকিস্তানক৷ গ্রুপ এত ভাৰত, পাকিস্তানৰ লগতে স্থান লাভ কৰিছে নেদাৰলেণ্ডছ, নামিবিয়া আৰু আমেৰিকাই৷ ইপিনে, প্রতিযোগিতাখনৰ বাবে ৮টা স্থান চূড়ান্ত কৰা হৈছে৷ ইয়াৰ ৫টা ভাৰতত আৰু ৩টা শ্রীলংকাত৷ ভাৰতত হ’বলগীয়া মেচসমূহ কলকাতা, আহমেদাবাদ, চেন্নাই, মুম্বাই আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব৷
তদুপৰি, শ্রীলংকাৰ কলম্বো, কেণ্ডী আৰু গালেত বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ প্রথমখন ছেমিফাইনেল কলকাতা অথবা কলম্বো আৰু দ্বিতীয়খন ছেমি ফাইনেল মুম্বাইত অনুষ্ঠিত হ’ব৷ আনহাতে, ফাইনেল মেচখন আহমেদাবাদত অনুষ্ঠিত হ’ব৷ অৱশ্যে যদি প্রতিযোগিতাখনৰ ফাইনেলত পাকিস্তানে প্রৱেশ কৰে তেতিয়াহ’লে খিতাপ যুঁজৰ মেচখন কলম্বোত অনুষ্ঠিত হ’ব৷ ইপিনে, প্রতিযোগিতাখনত টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাক ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে৷ গ্রুপ পর্যায়ত ভাৰতে ১২ ফেব্রুৱাৰীত দ্বিতীয়খন মেচ নামিবিয়া, তৃতীয়খন মেচ ১৫ ফেব্রুৱাৰীত পাকিস্তান আৰু চতুর্থখন মেচ ১৮ ফেব্রুৱাৰীত নেদাৰলেণ্ডছৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷