নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৬ নৱেম্বৰ : ঢকুৱাখনাত দীৰ্ঘদিনৰ পৰা চলি থকা গৰু চুৰিৰ ঘটনাই সাধাৰণ ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিতৌ সংঘটিত হৈ আহিছে পশুধন চুৰিৰ ঘটনা। ইয়াৰ মাজতে মঙলবাৰে নিশা গৰু চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুটাকৈ গৰু চোৰক ঢকুৱাখনা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। লগতে চুৰি গৰু সৰবৰাহ কৰা এখন চাৰিচকীয়া বাহনো জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, মঙলবাৰে নিশা ঘুণাসুঁতি লোকনিৰ্মাণ পথেৰে চাৰিটা গৰু লৈ ঢকুৱাখনা অভিমুখে আহি থাকোঁতে বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ ঘনীভূত হয়। ঢকুৱাখনা আৰক্ষীয়ে বাহনখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰোঁতে এ এছ-০৭ বি চি-৯০০১ নম্বৰৰ বলেৰ’ পিকআপ বাহনসহ চাৰিটাকৈ গৰু জব্দ কৰে।
আটকাধীন চোৰকেইটা ক্ৰমে ঘিলামৰা থানাৰ অন্তৰ্গত মৰনৈৰ সুৰজিত চুতীয়া আৰু কাঠগাঁৱৰ সোণমনি শইকীয়া। ইফালে, আটকাধীন দুই গৰু চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ঘিলামৰা থানাৰ অন্তৰ্গত ভীমপৰা অঞ্চলৰ গোপন স্থানত লুকুৱাই ৰখা অৱস্থাৰ পৰা আন চাৰিটা বলদ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গৰু চোৰ চক্ৰটোৱে ভুৱা কাগজ-পত্ৰ ব্যৱহাৰ কৰি কৌশলগতভাৱে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰি কৰি নিৰ্দিষ্ট ঠাইসমূহত যোগান ধৰি আহিছিল।