নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত দ্বিতীয় উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট আৰম্ভ

গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া কমপ্লেক্সত এক জাকজমকীয়া অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হৈছে দ্বিতীয় উত্তৰ–পূব পেৰা স্প’টছ মীট৷

যাদৱ চন্দ্র ভূঞাৰ সোঁৱৰণত ২০০৭ চনত স্থাপন কৰা উদয়াচল ট্রাষ্টৰ উদ্যোগত তথা অসম পেৰালিম্পিক এছ’চিয়েচন আৰু ভাৰতীয় পেৰালিম্পিক কমিটীৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অসমৰ ক্রীড়া মন্ত্রী নন্দিতা গার্লোছা, অসম পেৰালিম্পিক এছ’চিয়েচনৰ মুখ্য পৃষ্ঠপোষক তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মা আৰু নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

৫৮৩গৰাকী পেৰা এথলীটে অংশগ্রহণ কৰা প্রতিযোগিতাখনত উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰিণিকি ভূঞা শর্মাই অংশগ্রহণকাৰীসকল্ অসাধাৰণ দৃঢ়তাক প্রশংসা কৰাৰ লগতে আগন্তুক বর্ষত আৰু বহু পেৰা এথলীটক এই স্প’টছ মীটখনে অনুপ্রাণিত কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব৷ তেওঁ অঞ্চলটোৰ ক্রমবর্ধমান কৃতিত্বৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে উত্তৰ–পূবৰ দুগৰাকী খেলুৱৈয়ে ডুবাইত হ’বলগীয়া পেৰালিম্পিকত অংশগ্রহণ কৰিব৷

আনহাতে, আন এগৰাকী পেৰা ব’চিয়া খেলুৱৈয়ে ইতিমধ্যে কাজাখস্তানত অনুষ্ঠিত বিশ্ব মীটত ভাৰতক প্রতিনিধিত্ব কৰিছে৷

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ

You might also like