নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়া-ৰ কণ্ঠ বলিষ্ঠ কৰাটোৱে ‘One North East’ৰ লক্ষ্য

‘One North East’ বা চমুকৈ ‘ONEন’ৰ তৎপৰতাৰ লক্ষ্য আৰু উদ্দেশ্য কোনো ব্যক্তি বা গোটৰ বিৰুদ্ধে নহয়৷ ইয়াৰ একমাত্র উদ্দেশ্য হ’ল অকলশৰীয়াকৈ মাত মাতিলে সেই কণ্ঠক প্রায়ে অৱনমিত কৰা বা আওকাণ কৰাৰ পৰিপ্রেক্ষিতত খিলঞ্জীয়া লোকসকলৰ মাজত একতা বৃদ্ধি কৰি সজোৰে নিজৰ কণ্ঠ তুলি ধৰাহে৷ –এই মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই৷

আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত ‘ৱান নর্থ–ইষ্ট’ সংগঠনটোৰ আহ্বানত সমৱেত হোৱা জনসাধাৰণক সম্বোধন কৰিবলৈ আগৰতলাত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত কয় যে যেতিয়া জনসাধাৰণে নিজা নিজাকৈ গাইগুটীয়া চিন্তাৰে থাকিবলৈ ল’ব তেতিয়া তেওঁলোক ঐক্যবদ্ধ হ’ব নোৱাৰে৷

তেনে পৰিপ্রেক্ষিততে তেওঁলোকে কোনো প্রসংগত মাত মাতিবলৈ গ’লেও তেওঁলোকৰ কণ্ঠক অৱৰুদ্ধ কৰি ৰখা হয় বা বহু ক্ষেত্রত তেওঁলোকৰ কণ্ঠক আওকাণ কৰা হয়৷ এনে পৰিপ্রেক্ষিততেই উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ মাজত ঐক্য–সংহতি গঢ়ি তুলি নিজৰ প্রাপ্য অধিকাৰ সাব্যস্ত কৰাৰ বাবে এই সংগঠনটোৰ জন্ম দিয়া হৈছে৷ এইক্ষেত্রত কোনোবাই যদি ইয়াৰ বিৰোধিতা কৰিবলৈ বিচাৰে তেন্তে ক’বলগীয়া একো নাই৷

সংগঠনটো গঠন কৰাৰ একমাত্র উদ্দেশ্যই হৈছে আমাৰ সকলোকে একলগ কৰাটোহে৷ এই সংগঠনটোৰ মঞ্চৰ পৰাই আমি আমাৰ কণ্ঠ বলিষ্ঠভাৱে উত্থাপন কৰিবলৈ, আমাৰ উদ্বেগ, আমাৰ শক্তি আৰু অন্যান্য বিষয়সমূহ যথাযথভাৱে তুলি ধৰিবলৈ বিচাৰিছোঁ৷ তাৰ বাবেই আমি অঞ্চলটোৰ সকলো জনসাধাৰণকে একগোট কৰাৰ প্রয়াস চলাইছোঁ৷ কোনোৱে যাতে নিজকে অকলশৰীয়া বুলি ভাবিবলগীয়া নহয়, তাক নিশ্চিত কৰাটো প্রয়োজন৷ এই মঞ্চখনৰ জৰিয়তে আমি এইক্ষেত্রত এটা পার্থক্য সৃষ্টি কৰিবলৈ বিচাৰিছোঁ৷

মুখ্যমন্ত্রীগৰাকীয়ে কয়– বিভিন্ন সমাজৰ নেতৃবৃন্দই একেলগে থিয় হৈ যি আন্তৰিক সঁহাৰি জনাইছে তালৈ চাই মই অতিশয় আনন্দিত৷ তেওঁ আৰু কয় যে ইয়াৰ প্রভাৱ কেৱল উত্তৰ–পূর্বাঞ্চলতে নহয়, সমগ্র দেশতে পৰিব৷ আৰু ই এক শক্তিশালী বার্তা প্রেৰণ কৰিব৷ তেওঁ কয়– অঞ্চলটোৰ খিলঞ্জীয়া লোকসকল আগবাঢ়ি আহিছে আৰু আমি একেলগে কাম কৰিবলৈ আগবাঢ়িছোঁ৷ আমাৰ ভৱিষ্যৎ প্রজন্ম আৰু বর্তমানৰ প্রজন্মৰ বাবে যুঁজ দিবলৈ ওলাইছোঁ৷ আমি আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আগবাঢ়িবলৈ প্রতিশ্রুতিবদ্ধ৷

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ

You might also like