সামাজিক মাধ্যমত অশ্লীল কণ্টেণ্ট নিয়ন্ত্রণৰ লক্ষ্য!
আধাৰভিত্তিক বয়স নিৰূপণৰ প্রস্তাৱ উচ্চতম ন্যায়ালয়ৰ
ছ’চিয়েল মিডিয়াত কি কি বিষয় দেখুওৱা হ’ব, কেনেকুৱা বিষয়ক লৈ আলোচনা কৰা হ’ব পাৰে এইবোৰ কথা চালি–জাৰি চোৱাৰ বাবে দেশত এটি স্বায়ত্তশাসিত নিৰপেক্ষ সংস্থাৰ প্রয়োজন হৈছে৷
এটা গুৰুত্বপূর্ণ গোচৰৰ শুনানিত এই পর্যবেক্ষণ দাঙি ধৰে মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীৰ পীঠে৷ এই প্রসংগত আদালতে জনায় যে আজিকালি ম’বাইল খুলিলেই বিভিন্ন অশ্লীল আৰু প্রাপ্তবয়স্ক কণ্টেণ্ট সন্মুখলৈ আহে, য’ত অপ্রাপ্তবয়স্কসকলে কেৱল চেকবক্স ক্লিক্ কৰিয়েই অনায়াসে চাব পাৰে সেই কণ্টেণ্ট৷ এই বিষয়টো ৰোধ কৰিবলৈ প্রয়োজন হ’লে আধাৰভিত্তিক বয়স জোখাৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব পাৰে৷
ন্যায়ালয়ৰ এই বক্তব্যত সহমত পোষণ কৰিছে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ চাৰি সপ্তাহ পিছত হ’ব এই গোচৰৰ শুনানি৷ চৰকাৰী বিবৃতিত কোৱা হৈছে যে অশ্লীল কণ্টেণ্টৰ প্রতি আগ্রহ ৰুধিবলৈ বদ্ধপৰিকৰ কেন্দ্র৷
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ