নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাঁচীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া, খেলপথাৰত নামিব Ro-Ko যুটি

দুয়ো খেলুৱৈয়ে টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ লৈছে আৰু ২০২৭ বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপলৈ নিজৰ মূল্য দেখুৱাবলৈ ওলাইছে। তেওঁলোকে দলৰ মনোবলো বৃদ্ধি কৰিব

ৰোহিত-কোহলিক আজি পুনৰ খেলপথাৰত দেখা পোৱা যাব। কিয়নো টেষ্ট শৃংখলা হেৰুৱাৰ পিছত আজি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত  নামিব। কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ গৃহচহৰ ৰাঁচীত অনুষ্ঠিত হব প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হব।

ক্রিকেটত প্রতিটো বল আৰু প্ৰতিটো ফৰ্মেটৰ অনুযায়ী কৌশল বনোৱা হয় আৰু পৰিবর্তনো হয়। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ২৫ বছৰ পিছত নিজৰ মাটিত টেষ্ট ছিৰিজ হেৰুৱা ভাৰতীয় দলটোৱে নতুন ফৰ্মেট আৰু নতুন ছিৰিজ লৈ আজি প্ৰথম এদিনীয়া খেলিবলৈ নামিব। লক্ষ্য—পুৰণা ভুল সংশোধন কৰি আগবাঢ়ি যোৱা।

এই তিনিখন এদিনীয়া ছিৰিজৰ প্ৰথমখন খেলৰে পৰা দলে জয়ৰ ওপৰত যত মনোযোগ দিব, ঠিক তেনে মনোযোগ দিয়া হ’ব ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ প্ৰদর্শনৰ ওপৰতো। দুয়ো খেলুৱৈয়ে টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ লৈছে আৰু ২০২৭ বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপলৈ নিজৰ মূল্য দেখুৱাবলৈ ওলাইছে। তেওঁলোকে দলৰ মনোবলো বৃদ্ধি কৰিব।

বৰ্তমান দলটোৱে বিশ্বকাপৰ ওপৰত মনোযোগ ৰাখি নাথাকে। ভাৰতীয় দলটোৱে নিজৰ আধিপত্য বজাই ৰখাৰ লগতে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ১০ বছৰ ধৰি ঘৰতে এদিনীয়া ছিৰিজ নহৰাৰ ৰেকৰ্ডো ৰক্ষা কৰিব বিচাৰিব।

ডিজিটেল ডেস্ক, ৩০ নৱেম্বৰ

You might also like