৫২সংখ্যক শতকেৰে শচীন-ক অতিক্রম কোহলিৰ
আন্তর্জাতিক ক্রিকেটত শচীন তেণ্ডুলকাৰৰ মুঠ শতকৰ সংখ্যা ১০০৷ ইয়াৰ ভিতৰত টেষ্টত তেওঁৰ শতক ৫১টা৷ এই পর্যন্ত ক্রিকেটৰ কোনো এটা ফর্মেটত সর্বাধিক শতকৰ গৰাকী আছিল এইগৰাকী মহান ক্রিকেটাৰ৷
সেই অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে৷ ৰাঁচীত এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৫২সংখ্যক শতক অর্জন কৰিলে কোহলিয়ে৷ জানছেনৰ বলত ৪ মাৰি ১০২টা বলত শতক পূর্ণ কৰে তেওঁ৷
ইয়াৰ লগে লগে আন্তর্জাতিক ক্রিকেটত মুঠ ৮৩সংখ্যক শতকৰ গৰাকী হয় কোহলি৷ শীর্ষত থকা শচীনতকৈ তেওঁৰ শতকৰ সংখ্যা ১৭টা কম৷ কেৱল শচীনক এদিনীয়াত অতিক্রম কৰাই নহয়, ৰিকী পণ্টিঙকো প্রত্যাহ্বান জনালে তাৰকা বেটাৰগৰাকীয়ে৷
আন্তর্জাতিক ক্রিকেটত ৩ নম্বৰত খেলা অষ্ট্রেলিয়ান তাৰকাগৰাকীৰ ছয়ৰ সংখ্যা আছিল ২১৭টা৷ আজি পণ্টিঙকো অতিক্রম কৰে কোহলিয়ে৷
উল্লেখ্য যে ইয়াৰ পূর্বে ছিডনী টেষ্টত শতৰান কৰাত ব্যর্থ হ’লেও বুজাই দিছিল যে তেওঁৰ ৰানৰ ভোক আগৰ দৰেই আছে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজিত হৈ মানসিকভাৱে ভাগি পৰাত ভাৰতীয় দলটোক শতৰানেৰে সজীৱ কৰি তুলিলে কোহলিয়ে৷ ৰাঁচী যে তেওঁৰ বাবে সদায় সৌভাগ্যশালী সেই কথা পুনৰ প্রমাণ কৰিলে৷
মহেন্দ্র সিং ধোনীৰ এই চহৰত তেওঁ তিনিটা শতকৰ গৰাকী হ’ল৷
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ