অষ্ট্ৰেলিয়াৰ ইতিহাসত প্ৰথম! দ্বিতীয় বিবাহত আবদ্ধ প্ৰধানমন্ত্ৰী আলবানিছ
ৰভাথলীৰ দৰে পৰিৱেশ, আলহী-অতিথিৰে ভৰপূৰ, চাৰিওফালে সুগন্ধি ফুল। কিন্তু এইবাৰ সংবাদ মাধ্যমৰ নজৰ কেৱল এখন বিয়াৰ ওপৰত— কাৰণ এই বিয়াখনত দৰা হৈছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজ।
১২৪ বছৰীয়া ফেডাৰেল চৰকাৰৰ ইতিহাসত প্ৰথমবাৰ, এগৰাকী প্ৰধানমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰিয়েই বিবাহপাশত আবদ্ধ হোৱাৰ নজিৰ স্থাপন কৰিলে। আলবানিজে তেওঁৰ সঙ্গিনী জোডি হেডনৰ সৈতে অতি ব্যক্তিগত এক অনুষ্ঠানত বিবাহ সম্পন্ন কৰে কেনবেৰাত থকা চৰকাৰী বাসভৱনত।
দ্য লজ চৌহদত সংঘটিত এই অনুষ্ঠানত অভিনেতা ৰাছেল ক্ৰ’, কেবিনেটৰ কেইবাজনো সদস্যসহ প্ৰায় ৬০জন অতিথি উপস্থিত থাকে। সংবাদ মাধ্যমেও এই বিবাহ অনুষ্ঠানৰ বিষয়ে গমকে নাপালে। বিয়াৰ পিছত জনা যায়— “আমাৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ সন্মুখত জীৱনৰ বাকী দিনবোৰ একেলগে কাটাবলৈ প্ৰতিশ্ৰুতি দিছো। আমি খুব সুখী।”
৬২ বছৰীয়া আলবানিজৰ এয়া দ্বিতীয় বিবাহ। পূৰ্বে এগৰাকী পুত্ৰসহ তেওঁ বিচ্ছিন্ন হৈছিল। ২০২৩ চনৰ ভেলেণ্টাইন ডে’ত তেওঁ দ্য লজতে হেডনক প্ৰস্তাৱ আগবঢ়াইছিল।
মূলতঃ মে’ৰ নিৰ্বাচনৰ পূৰ্বে বৃহৎ আকাৰত বিয়া কৰাৰ পৰিকল্পনা কৰা হৈছিল। আলবানিজে কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক নিমন্ত্ৰণ কৰাৰ কথাও ভাবিছিল। কিন্তু দলীয় কৌশলবিদসকলে সতর্ক কৰিছিল— মুদ্ৰাস্ফীতিৰ মাজত আড়ম্বৰপূৰ্ণ বিয়াই জনমতক প্ৰভাৱিত কৰিব পাৰে। ফলত বিয়া নিৰ্বাচনৰ পিছলৈ স্থগিত কৰা হয়। অৱশেষত সংসদীয় বৰ্ষ শেষ হোৱাৰ দুদিনতে এই হাই-প্ৰফাইল বিবাহ সম্পন্ন হয়।
হেডনে বিত্ত খণ্ডত কাম কৰে। ২০২০ চনত মেলবৰ্ণৰ ব্যৱসায়িক অনুষ্ঠানৰ সময়ত আলবানিজৰ সৈতে প্ৰথম সাক্ষাৎ হৈছিল।
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ