নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে ভাৰতলৈ আহিব ৰুছ ৰাষ্ট্রপতি পুটিন

নিউজ ডেস্ক, ২ ডিচেম্বৰ : ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱা আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অপাৰেচন সিন্দূৰ চলোৱাৰ পিছত প্রথমবাৰৰ বাবে ভাৰত ভ্রমণলৈ আহি আছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷

২৩সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনত যোগদানৰ বাবে অহা ৪, ৫ ডিচেম্বৰত ভাৰতত থাকিব পুটিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে ৰুছ ৰাষ্ট্রপতিগৰাকীৰ বৈঠক অনুষ্ঠিত হ’ব আৰু এই বৈঠকত দুয়োখন দেশৰ মাজত প্রতিৰক্ষা সহযোগিতাৰ বিষয়ে আলোচনা কৰা হ’ব৷ বিশেষকৈ পাকিস্তানক কাবু কৰা ‘সুদর্শন চক্র’ এছ–৪০০ক লৈ নতুন চুক্তিৰ বিষয়েও আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে৷ এই বৈঠকতে ভাৰতীয় বিমান বাহিনীক আৰু দুইৰ পৰা তিনিখন এছ–৪০০ সৰবৰাহৰ প্রস্তাৱ দিব পাৰে মস্কোৱে৷ ক্রেমলিনৰ তৰফৰ পৰা জনোৱা হৈছে- ডিচেম্বৰ মাহৰ ৪ আৰু ৫ তাৰিখে ভাৰতলৈ আহিব ৰুছ ৰাষ্ট্রপতিগৰাকী৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আমন্ত্রণক্রমে দেশখনলৈ আহিব তেওঁ৷ এই সপ্তাহৰ আৰম্ভণিতেই ভাৰতৰ বিদেশ মন্ত্রালয়ে পুটিনৰ এই ভ্রমণৰ কথা নিশ্চিত কৰে৷

দিল্লী আৰু মস্কোৰ মাজত অনুষ্ঠিত হ’বলগীয়া বার্ষিক সন্মিলনত তেওঁ ভাগ ল’ব বুলি জানিব পৰা গৈছে৷ এই সময়ছোৱাতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকতো তেওঁ ভাগ লোৱাৰ কথা৷ ৰাছিয়াৰ প্রশাসনিক দপ্তৰ ক্রেমলিনৰ মুখপাত্র ডিমাট্রি পেছক’ভে নৱেম্বৰ মাহতে ৰুছ ৰাষ্ট্রপতি পুটিনৰ এই ভাৰত ভ্রমণৰ বিষয়ে সম্ভাৱনা প্রকাশ কৰিছিল৷

You might also like