ৰায়পুৰত ৰোমাঞ্চকৰ জয়েৰে শৃংখলাত সমতা স্থাপন দক্ষিণ আফ্রিকাৰ
শৃংখলাটোত ক্রমাগত শতক অর্জন কৰা কোহলিয়ে ৯৩টা বলত ১০২ ৰান কৰাৰ বিপৰীতে গাইকোৱাডে ৮৩টা বলত ১০৫ ৰান কৰে৷ এদিনীয়াত গাইকোৱাডৰ এয়া আছিল প্রথমটো শতক
বিৰাট কোহলি আৰু ৰুতুৰাজ গাইকোৱাডৰ দর্শনীয় শতক সত্ত্বেও দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্রিকাৰ হাতত পৰাজিত হ’ল ঘৰুৱা দল ভাৰত৷ ৰায়পুৰত অনুষ্ঠিত মেচখনত প্রটিয়াজ বাহিনীয়ে ৪টা উইকেটত বিজয় সাব্যস্ত কৰি তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ১–১ত সমতা স্থাপন কৰে৷
টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ৩৫৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ এইডেন মার্কৰামৰ দুর্দান্ত শতক তথা মেথিউ ব্রিটজকে আৰু দেৱাল্ড ব্রেভিছৰ চমকপ্রদ অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাই ৪৯.২ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷
মার্কৰামে ৯৮টা বলত ১১০ ৰান কৰে৷ ইফালে, অধিনায়ক বাভুমাই ৪৬, ক’র্বিন বচে অপৰাজিতভাৱে ১৯ ৰান কৰে৷ ভাৰতৰ হৈ অর্শদীপ সিং আৰু প্রসিদ্ধ কৃষ্ণই সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি বিৰাট কোহলি আৰু গাইকোৱাডৰ দর্শনীয় শতক তথা লোকেশ ৰাহুলৰ অপৰাজিত অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই ৩৫৮ ৰান কৰে৷
জয়ছোৱালে ২২ আৰু ৰোহিত শর্মাই ১৪ ৰান কৰি বিদায় লয় যদিও কোহলি আৰু গাইকোৱাডে শতকীয় ইনিংছ খেলি দলৰ বিপর্যয় ৰোধ কৰে৷ শৃংখলাটোত ক্রমাগত শতক অর্জন কৰা কোহলিয়ে ৯৩টা বলত ১০২ ৰান কৰাৰ বিপৰীতে গাইকোৱাডে ৮৩টা বলত ১০৫ ৰান কৰে৷ এদিনীয়াত গাইকোৱাডৰ এয়া আছিল প্রথমটো শতক৷
ইফালে, ৰাহুলে ৬৬ আৰু জাদেজাই ২৪ ৰান কৰি অপৰাজিত হৈ থাকে৷
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ