নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৮ চনৰ ভিতৰত সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলং

২০২১ চনৰ ৯ জুলাইত আৰম্ভ হোৱা যোৰহাট–মাজুলী দলঙৰ নির্মাণকার্য চলিত বছৰৰ ৮ জুলাহত সম্পূর্ণ কৰাৰ কথা আছিল

যোৰহাট – মাজুলী সংযোগী বহু প্রতীক্ষিত দলংখনক লৈ এক গুৰুত্বপূর্ণ বিবৃতি ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাহপথ মন্ত্রী নীতিন গাডকাৰিয়ে৷ তেওঁ ইংগিত দিয়া মতে ২০২৮ চনৰ ভিতৰত সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলংখনৰ নির্মাণকার্য৷

কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে প্রকাশ কৰা মতে যোৱা ৬ অক্টোবৰত দলংখনৰ বাবে নতুনকৈ নির্মাণকাৰী সংস্থাক নিযুক্তি দিয়া হৈছে৷ যেতিয়াৰ পৰা দলঙৰ নির্মাণকার্য আৰম্ভ হ’ব তেতিয়াৰ পৰা দুবছৰ পাছত দলঙৰ নির্মাণকার্য সম্পূর্ণ কৰা হ’ব৷

ৰাজ্যসভাত প্রশ্নোত্তৰকালত অগপ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত মন্ত্রী গাডকাৰিয়ে কয় যে ২০২১ চনৰ ৯ জুলাইত আৰম্ভ হোৱা যোৰহাট–মাজুলী দলঙৰ নির্মাণকার্য চলিত বছৰৰ ৮ জুলাহত সম্পূর্ণ কৰাৰ কথা আছিল৷

কিন্তু নির্মাণকার্য ৩০.৬৫ শতাংশ সম্পন্ন হোৱাৰ পিছত পূর্বৰ ঠিকাদাৰে কাম বন্ধ কৰি দিয়া হেতু জৰিমনা বিহা হয়৷ ইয়াৰ পিছত চলিত বছৰৰ ২৯ মার্চত দলঙৰ নির্মাণকার্য পুনৰ আৰম্ভ কৰাৰ বাবে ১,০১৯.১৭ কোটি টকা অনুমোদন জনোৱা হয়৷

ইয়াৰ পিছত যোৱা ১০ অক্টোবৰত নতুনকৈ নির্মাণকাৰী সংস্থাক নিযুক্তি দিয়া হয় যদিও এতিয়ালৈকে দলংখনৰ নির্মাণকার্য আৰম্ভ হোৱা নাহ৷ বিভাগীয় মন্ত্রী গাডকাৰিয়ে জনাইছে যে যেতিয়াই কাম আৰম্ভ হ’ব তাৰ দুবছৰৰ ভিতৰত দলংখনৰ নির্মাণকার্য সম্পূর্ণ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷

বিশেষ বার্তা, নতুন দিল্লী, ৪ ডিচেম্বৰ

You might also like